January 4, 2025 12:15 PM

views 10

২০১৪ চনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন নকৰা লোকসকলে নাপাব আধাৰ কাৰ্ডঃ মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰে আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত কেতবোৰ নতুন ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি আবেদনকাৰীসকলে পূৰ্বৰ তুলনাত অধিক কঠোৰ নিয়মাৱলী অনুসৰণ কৰিব লাগিব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি গোৱালপাৰাত এই কথা প্ৰকাশ কৰে। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ সচিবালয়ৰ উদ্বোধন উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয়, যে ২০১৪ চনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন নকৰা লোকসকলে আধাৰ কাৰ্ড লাভ কৰিব নোৱাৰিব। ৰাজ্য চৰকাৰে আজি এই সন্দৰ্ভত জাননী জাৰি কৰিব বুলিও তেওঁ লগতে প্ৰকাশ ...