August 21, 2025 6:54 PM August 21, 2025 6:54 PM
21
ৰাজ্যৰ ১৮ বছৰ ঊৰ্ধৰ ব্যক্তিসকলক অক্টোবৰৰ পৰা নতুনকৈ আধাৰকাৰ্ড প্রদান কৰা নহ’বঃ মুখ্যমন্ত্রী
ৰাজ্যৰ ১৮ বছৰ ঊৰ্ধৰ ব্যক্তিসকলক অক্টোবৰৰ পৰা নতুনকৈ আধাৰকাৰ্ড প্রদান কৰা নহ'ব। কইনাধৰাত আয়োজিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ লোকসকলক এই ক্ষেত্ৰত এবছৰৰ বাবে শিথিলতা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্রী ড০ শর্মাই আধাৰকাৰ্ড নথকা লোকসকলক ছেপ্তেম্বৰ মাহৰ ভিতৰত আবেদন কৰিবলৈ সংবাদমেলত আহ্বান জনায়। ইয়াৰ পাছত অত্যন্ত জৰুৰী হ’লে সাধাৰণ লোকে জিলা আয়ুক্তৰ অনুমতি সাপেক্ষেহে আধাৰকাৰ্ডৰ বাবে আবেদন ...