June 17, 2024 9:11 PM June 17, 2024 9:11 PM

views 12

পশ্চিমবংগৰ ৰঙাপানী ষ্টেচনত সংঘটিত ৰে’ল দুৰ্ঘটনাত ৯জন লোকৰ মৃত্যু, ৪১জন লোক আহত

পশ্চিমবংগৰ ৰঙাপানী ষ্টেচনত আজি পুৱা সংঘটিত ৰে’ল দুৰ্ঘটনাত দুগৰাকী ৰে’ল কৰ্মচাৰীসহ ৯জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪১জন লোক আহত হয়। নিউ জলপাইগুৰিৰ ৰে'ল ষ্টেচনৰ সমীপত শিয়ালদহলৈ গৈ থকা কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু এখন মালবাহী ৰে'লৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। ৰে'ল বিভাগৰ সূত্ৰই জনোৱা অনুসৰি মালবাহী ৰে'লখন ছিগনেল পোৱাৰ আগেয়ে ৰাওনা হয় আৰু কাঞ্চনজংঘা এক্সপ্ৰেছৰ পাছফালে খুন্দা মাৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ৰাষ্ট্ৰীয় দুর্যোগ ব্যৱস্থাপনা বিভাগৰ দলে যাত্ৰীসকলক উদ্ধাৰ কৰে। যাত্ৰীসকলক খা...