August 14, 2024 7:06 PM

views 53

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৬১ গৰাকী ক্ষেত্ৰ কৰ্মীক ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ বিভিন্ন আঁচনি ৰূপায়ণ কৰি থকা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৬১ গৰাকী ক্ষেত্ৰ কৰ্মীক নতুন দিল্লীৰ লালকিল্লাত আয়োজিত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সাক্ষী হ'বলৈ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ তথ্য অনুসৰি অংগনৱাড়ী, সখী একক অৱস্থান কেন্দ্ৰ, সংকল্প: মহিলা সৱলীকৰণ কেন্দ্ৰ, শিশু কল্যাণ সমিতি আৰু জিলা শিশু সুৰক্ষা গোটৰ নির্বাচিত মহিলা কর্মীসকলক বিশেষ অতিথি হিচাপে আমন্ত্রণ জনোৱা হৈছে। মন্ত্ৰালয়ে জনোৱা মতে, মহিলা আৰু ...

August 14, 2024 7:36 PM

views 52

স্বাধীনতা দিৱসত ১০৩৭ জন জোৱানক বীৰত্ব আৰু সেৱাৰ পদক প্রদান কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে স্বাধীনতা দিৱস উপলক্ষে আৰক্ষী, অগ্নিনির্বাপক, গৃহৰক্ষী তথা অসামৰিক প্ৰতিৰক্ষা আৰু সংশোধনী সেৱাৰ এহেজাৰ ৩৭ জন জোৱানক বীৰত্ব আৰু সেৱাৰ পদক প্রদান কৰিছে। তেলেংগানা আৰক্ষীৰ মুখ্য কনিষ্টবল চাদুহু য়াদেয়াক বীৰত্বৰ বাবে ৰাষ্ট্ৰপতি পদক প্ৰদান কৰা হয়। গৃহ মন্ত্ৰ্যালয়ে জনোৱা মতে ২১৩ জন জোৱানক বীৰত্বৰ বাবে পদক প্ৰদান কৰা হৈছে। লগতে ৯৪টা বিশিষ্ট সেৱা ৰাষ্ট্ৰপতি পদকৰ ভিতৰত ৭৫টা আৰক্ষী সেৱা, ৮টা অগ্নিনির্বাপক সেৱা, ৮টা অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী সেৱা আৰু ৩টা সংশোধনী সেৱা প্ৰদান কৰা হ...

August 14, 2024 7:41 PM

views 49

কাইলৈ ৭৮ সংখ্যক স্বাধীনতা দিৱস : ৰাষ্ট্ৰক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ

সমগ্ৰ দেশতে কাইলৈ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। দিল্লীৰ লালকিল্লাত কাইলৈ হ'বলগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী নবেন্দ্র মোদীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। প্রধানমন্ত্ৰী শ্ৰী মোদীয়ে লগতে দেশবাসীক উদ্দেশ্যি ভাষণ দিব। লালকিল্লাত হ'বলগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ বিভিন্ন দেশৰ প্রতিনিধিৰ লগতে পেৰিছ অলিম্পিকত অংশগ্ৰহণকাৰী খেলুৱৈসকলক আমন্ত্রণ জনোৱা হৈছে। এই অনুষ্ঠানলৈ বিভিন্ন ক্ষেত্ৰৰ ৬ হাজাৰ বিশিষ্ট ব্যক্তিক বিশেষ অতিথি হিচাপে আমন্ত্রণ জনোৱা হৈছে। ইপিনে অসমতো কাইলৈ স্ব...

August 12, 2024 8:08 PM

views 48

ৰাজ্যৰ বিভিন্ন জিলাত ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ ব্যাপক প্রস্তুতি

৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশৰ অন্যান্য অঞ্চলসমূহৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত ব্যাপক প্রস্তুতি চলাই থকা হৈছে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আৰক্ষী বেটেলিয়ান, অৰ্ধ সামৰিক বাহিনী আৰু এন চি চিৰ দলে পেৰেড অনুশীলন অব্যাহত ৰাখিছে। কেইবাটাও উগ্রপন্থী সংগঠনে স্বাধীনতা দিৱস বৰ্জনৰ বাবে জনোৱা আহ্বানৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। গুৱাহাটী ৰে'ল ষ্টেচনতো ৰে'ল সুৰক্ষা বাহিনীয়ে সতর্ক দৃষ্টি ৰাখিছে। আজি ৰে'ল সুৰক্ষা বাহিনীয়ে স্নিফাৰ ডগৰ সহায়ত...