January 24, 2026 7:54 PM

views 34

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাত গণৰাজ্য দিৱসৰ ব্যাপক প্রস্তুতি

৭৭ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত এদিন থকা অৱস্থাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাতে ব্যাপক প্রস্তুতি চলিছে। জিলা সদৰ সমূহত কুচকাৱাজৰ অনুশীলন কৰি থকা হৈছে। গুৱাহাটীৰ খানাপাৰত থকা অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচী উদযাপন কৰা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই পুৱা ৯ বজাত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব। ইতিমধ্যে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ২৪টা দলে কুছকাৱাজৰ অনুশীলন অব্যাহত ৰাখিছে। এইবেলি মিজোৰাম আৰক্ষীৰ এটা দলেও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা।...

January 24, 2026 12:36 PM

views 124

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত উজ্বলিব ধুবুৰীৰ আশৰিকান্দিৰ পোৰামাটি শিল্প

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত নতুন দিল্লীত অসমৰ পোৰামাটি শিল্পৰ প্ৰতীকপট প্ৰদৰ্শন কৰা হ'ব। ধুবুৰীৰ আশাৰিকান্দিৰ ভৌগোলিক সূচ্যাংকৰ পৰিচিতি লাভ কৰা এই শিল্প এইবাৰৰ পেৰেডত দেশবাসীৰ সন্মুখত উজ্বলি উঠিব। গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাতো প্রস্তুতি চলি আছে। ইয়াৰ বাবে জিলা সদৰসমূহত কুচকাৱাজৰ অনুশীলন কৰি থকা হৈছে। গুৱাহাটীৰ খানাপাৰত থকা অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচী উদযাপন কৰা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই পুৱা ৯ বজাত গণৰাজ্য দিৱসৰ পতাকা অনাবৰণ কৰিব। ইতিমধ...

January 24, 2026 12:03 PM

views 37

নতুন দিল্লীৰ কৰ্তব্য পথত ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডৰ প্রস্তুতি অব্যাহত

দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে নতুন দিল্লীৰ কৰ্তব্য পথত প্রস্তুতি অব্যাহত আছে। এই পেৰেডত দেশৰ বাৰেৰহনীয়া সংস্কৃতি, সামৰিক পৰাক্ৰম আদি প্রদর্শন কৰা হ'ব। সশস্ত্র বাহিনীসমূহৰ লগতে বিভিন্ন ৰাজ্যৰ শক্তি আৰু সংস্কৃতিক প্রতিফলিত কৰা নির্বাচিত প্রতীকপটসমূহো এই পেৰেডত প্ৰদৰ্শন কৰা হ'ব। নতুন দিল্লীত কালি বৰষুণৰ মাজতো গণৰাজ্য দিৱসৰ পেৰেডৰ পূৰ্ণাংগ অনুশীলন কৰা হয়। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সেনা বাহিনীসমূহৰ মুৰববী মেজৰ জেনেৰেল নৱৰাজ ধীল্লনে কয়, যে এইবাৰৰ গণৰাজ্য দিৱস ভাৰতীয় সেনাই দেশৰ পৰাক্ৰম আ...

January 23, 2026 6:43 PM

views 26

ৰাজ্যৰ বিভিন্ন জিলাত সমাগত গণৰাজ্য দিৱসৰ প্রস্তুতি

সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্রস্তুতি চলি আছে। ইয়াৰ বাবে জিলা সদৰসমূহত কুচকাৱাজৰ অনুশীলন কৰি থকা হৈছে। ডিব্ৰুগড় জিলাতো গণৰাজ্য দিৱসৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। জিলাখনৰ খনিকৰ খেলপথাৰত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পতাকা উত্তোলন কৰাৰ কথা। ইয়াৰ বাবে দিনে-নিশাই প্রস্তুতি চলাই থকা হৈছে। ডিব্ৰুগড় মহানগৰত গণৰাজ্য দিৱস উপলক্ষে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। বজালী জিলা প্ৰশাসনৰ উদ্যোগত এইবাৰ পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয় খেল...

January 19, 2026 7:45 PM

views 15

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত প্ৰায় ১০ হাজাৰ বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে

নতুন দিল্লীৰ কৰ্তব্যপথত এইবাৰ অনুষ্ঠিত হ'বলগীয়া ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত প্ৰায় ১০ হাজাৰ বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে সদৰি কৰিছে। অতিথিসকলৰ ভিতৰত আয় আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত দৃষ্টান্তমূলক কাম কৰা, শ্রেষ্ঠ উদ্ভাৱক, ষ্টার্টআপ, আত্মসহায়ক গোট আৰু বিভিন্ন চৰকাৰী পদক্ষেপৰ অধীনত শ্রেষ্ঠত্ব প্ৰদৰ্শন কৰা ব্যক্তিসকল আছে। ৰাষ্ট্ৰ নিৰ্মাণ আৰু সাধাৰণ জনতাৰ বাবে বিভিন্ন উন্নয়নমূলক কাম কৰা ব্যক্তিসকলৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে তেওঁলোকক বিশেষ অতিথি হিচাপে ...

January 15, 2026 8:45 PM

views 28

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজত অসমৰ প্রতীকপট হিচাপে ধুবুৰী জিলাৰ পোৰা মাটিৰ শিল্প প্ৰদৰ্শন কৰা হ’ব

অহা ২৬ জানুৱাৰীত নতুন দিল্লীৰ কৰ্তব্যপথত হ'বলগীয়া ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজত ভাগ ল'বলগীয়া অসমৰ প্রতীকপটযোগে ধুবুৰী জিলাৰ আশাৰীকান্দি গাঁৱৰ পোৰা মাটিৰ শিল্প প্ৰদৰ্শন কৰা হ'ব। চৰকাৰী সূত্ৰৰ পৰা প্ৰকাশ কৰা মতে আত্মনিৰ্ভৰ ভাৰত বিষয়বস্তুৰে সাজি উলিওৱা এই প্রতীকপটৰ জৰিয়তে আশাৰীকান্দি শিল্পীসকলৰ দৈনন্দিন জীবন, তেওঁলোকৰ আহিলাপাতি কেঁচা সামগ্রী আৰু উৎপাদিত সামগ্ৰীৰ লগতে ৰাজ্যৰ  গ্রামাঞ্চলৰ সৈতে জড়িত সাংস্কৃতিক উপাদানসমূহ প্রদর্শন কৰা হ'ব। এই প্রতীকপটৰ বাবে আনুমানিক ৪৫ৰ পৰা ৫০ লাখ টকা ধাৰ্য কৰা হৈছ...