January 15, 2026 8:45 PM
6
৭৭ সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজত অসমৰ প্রতীকপট হিচাপে ধুবুৰী জিলাৰ পোৰা মাটিৰ শিল্প প্ৰদৰ্শন কৰা হ’ব
অহা ২৬ জানুৱাৰীত নতুন দিল্লীৰ কৰ্তব্যপথত হ'বলগীয়া ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজত ভাগ ল'বলগীয়া অসমৰ প্রতীকপটযোগে ধুবুৰী জিলাৰ আশাৰীকান্দি গাঁৱৰ পোৰা মাটিৰ শিল্প প্ৰদৰ্শন কৰা হ'ব। চৰকাৰী সূত্ৰৰ পৰা প্ৰকাশ কৰা মতে আত্মনিৰ্ভৰ ভাৰত বিষয়বস্তুৰে সাজি উলিওৱা এই প্রতীকপটৰ জৰিয়তে আশাৰীকান্দি শিল্পীসকলৰ দৈনন্দিন জীবন, তেওঁলোকৰ আহিলাপাতি কেঁচা সামগ্রী আৰু উৎপাদিত সামগ্ৰীৰ লগতে ৰাজ্যৰ গ্রামাঞ্চলৰ সৈতে জড়িত সাংস্কৃতিক উপাদানসমূহ প্রদর্শন কৰা হ'ব। এই প্রতীকপটৰ বাবে আনুমানিক ৪৫ৰ পৰা ৫০ লাখ টকা ধাৰ্য কৰা হৈছ...