January 26, 2025 7:02 PM January 26, 2025 7:02 PM
5
স্বৰ্ণিম ভাৰত – ঐতিহ্য আৰু উন্নয়ন বিষয়বস্তুৰে সাজি উলিওৱা ৩১ টা প্ৰতীকপট গণৰাজ্য দিৱসৰ কুচকাৱাজত অন্তৰ্ভুক্ত
স্বৰ্ণিম ভাৰত – ঐতিহ্য আৰু উন্নয়ন বিষয়বস্তুৰে সাজি উলিওৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ লগতে বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগৰ ৩১ টা প্ৰতীকপট এইবেলি গণৰাজ্য দিৱসৰ কুচকাৱাজত অন্তৰ্ভুক্ত হৈছে। এইবেলি গণৰাজ্য দিৱসৰ কুচকাৱাজত দেশৰ সভ্যতা, সংস্কৃতি আৰু বৈজ্ঞানিক প্ৰগতি প্ৰদৰ্শিত হয়। কুচকাৱাজত ৩শ গৰাকী বাদ্য শিল্পীয়ে সাৰে জাহাচে আচ্ছা গীতৰ লহৰ তোলে । সমাৰোহত আকাশমাৰ্গৰ পৰা হেলিকপ্তাৰযোগে ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হিত পুষ্পবৃষ্টি কৰা হয়। শোভাযাত্ৰাত টি-৯০ টেংক, নাগমিছাইল প্রণালী, ব্রহ্মোছ, পিনাকা...