January 26, 2025 7:02 PM

views 23

স্বৰ্ণিম ভাৰত – ঐতিহ্য আৰু উন্নয়ন বিষয়বস্তুৰে সাজি উলিওৱা ৩১ টা প্ৰতীকপট গণৰাজ্য দিৱসৰ কুচকাৱাজত অন্তৰ্ভুক্ত

স্বৰ্ণিম ভাৰত – ঐতিহ্য আৰু উন্নয়ন বিষয়বস্তুৰে সাজি উলিওৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ লগতে বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগৰ ৩১ টা প্ৰতীকপট এইবেলি গণৰাজ্য দিৱসৰ কুচকাৱাজত অন্তৰ্ভুক্ত হৈছে। এইবেলি গণৰাজ্য দিৱসৰ কুচকাৱাজত দেশৰ সভ্যতা, সংস্কৃতি আৰু বৈজ্ঞানিক প্ৰগতি প্ৰদৰ্শিত হয়। কুচকাৱাজত ৩শ গৰাকী বাদ্য শিল্পীয়ে সাৰে জাহাচে আচ্ছা গীতৰ লহৰ তোলে । সমাৰোহত আকাশমাৰ্গৰ পৰা হেলিকপ্তাৰযোগে ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হিত পুষ্পবৃষ্টি কৰা হয়। শোভাযাত্ৰাত টি-৯০ টেংক, নাগমিছাইল প্রণালী, ব্রহ্মোছ, পিনাকা...

January 26, 2025 11:18 AM

views 19

ৰাজ্যৰ ১০ গৰাকী উদ্যমীৰ দিল্লীত হ’বলগীয়া গণৰাজ্য দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰাৰ সুযোগ

ৰাজ্যৰ ১০ গৰাকী উদ্যমীয়ে দিল্লীত হ'বলগীয়া গণৰাজ্য দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। এই উদ্যমীসকলৰ ভিতৰত ধুবুৰীৰ নমিতা এম মাৰাক, কোকৰাঝাৰৰ বিউতি ৰামচিয়াৰী, চিৰাঙৰ মীনা মুছাহাৰী, শোণিতপুৰৰ ইউৰিকা ডব্লিউ ডি ৱাগাম, ধেমাজিৰ অনিল পেগু, গুৱাহাটীৰ গোপাল কৰ্মকাৰ, শিৱসাগৰৰ প্রিন্স ফুকন, মৰিগাঁৱৰ প্ৰণৱ সিং, কামৰূপ মহানগৰৰ ত্ৰিবেণী বৰগোহাঁই আৰু নিৰ্মল চৌধুৰী আছে। বিভিন্ন ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বাবে এই উদ্যমীকেইগৰাকীক গণৰাজ্য দিৱসৰ কুচকাৱাজলৈ আমন্ত্রণ জনোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ অধীনত গুৱ...