November 25, 2024 8:09 PM November 25, 2024 8:09 PM

views 12

কাইলৈৰ পৰা ভাৰতৰ সংবিধান গ্ৰহণৰ ৭৫ সংখ্যক বাৰ্ষিকীৰ বছৰযোৰা কাৰ্যসূচী উদযাপন

ভাৰতৰ সংবিধান গ্ৰহণৰ ৭৫ সংখ্যক বাৰ্ষিকী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে কাইলৈৰ পৰা বছৰযোৰা কাৰ্যসূচী উদযাপন কৰিব। অহা বছৰৰ ২৬ নৱেম্বৰলৈ এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ১৯৪৯ চনৰ কাইলৈৰ দিনটোতে সংবিধান সভাই ভাৰতৰ সংবিধানখন গ্ৰহণ কৰিছিল আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা এই সংবিধান দেশত বলবৎ হয়। এই অনুষ্ঠানৰ বিষয়ে সবিশেষ উল্লেখ কৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজুজুৱে কয়, যে এই উপলক্ষে নতুন দিল্লীৰ পুৰণি সংসদ ভৱন - সংবিধান সদনৰ কেন্দ্ৰীয় কক্ষত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু...