December 27, 2024 11:31 AM

views 14

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ বিয়োগত সাতদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ বিয়োগত সাতদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। এই সময়ছোৱাত সকলো চৰকাৰী কাৰ্যালয়, গুৰুত্বপূৰ্ণ অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰ লগতে বিদেশত থকা ভাৰতীয় দূতাবাসসমূহতো ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত কৰি ৰখা হ'ব। ইয়াৰ লগতে আমোদ-প্রমোদমূলক সকলো চৰকাৰী কাৰ্যসূচীও বন্ধ থাকিব। তদুপৰি প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্রিয়া সম্পূৰ্ণ ৰাষ্ট্রীয় মর্যাদাৰে সম্পন্ন কৰা হ'ব।