November 2, 2025 11:11 AM
67
আজিৰে পৰা ২৯ নৱেম্বৰলৈ সমগ্ৰ দেশৰ ২৪ টা কেন্দ্ৰত আকাশবাণী সংগীত সন্মিলনৰ ৬৭ সংখ্যক সংস্কৰণ
প্ৰসাৰ ভাৰতীয়ে সাংস্কৃতিক মন্ত্রালয়ৰ সহযোগত আজিৰে পৰা ২৯ নৱেম্বৰলৈ সমগ্ৰ দেশৰ ২৪ টা কেন্দ্রত আকাশবাণী সংগীত সন্মিলনৰ ৬৭ সংখ্যক সংস্কৰণৰ আয়োজন কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্রালয়ে প্রকাশ কৰিছে যে ১৯৫৪ চনত আৰম্ভ কৰা আকাশবাণীৰ সংগীত সন্মিলন দেশৰ সাংস্কৃতিক পৰম্পৰাৰ প্ৰতীক। এই সম্মিলনে দেশৰ চহকী সংগীত ঐতিহ্যৰ সংৰক্ষণ, প্ৰসাৰ আৰু জনপ্ৰিয়কৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে কৈছে যে কোৱিড-১৯ মহামাৰীৰ বাবে কিছুসময় বন্ধ ৰখাৰ পাছত এইবেলি নতুন ৰূপত এই...