December 22, 2024 11:44 AM

views 20

৫৫ সংখ্যক জি এছ টি পৰিষদৰ বৈঠকত কৰ আৰু গাঁথনিৰ পৰিৱৰ্তনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

৫৫ সংখ্যক জি এছ টি পৰিষদৰ বৈঠকত কৰ আৰু গাঁথনিৰ পৰিৱৰ্তনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত ৰাজস্থানৰ জেয়চেলমেৰত অনুষ্ঠিত বৈঠকখনত ক্ষুদ্র কোম্পানীসমূহৰ বাবে নতুন পঞ্জীয়ন প্রক্রিয়াত অনুমোদন জনোৱা হয়। তদুপৰি ৫০ শতাংশতকৈ অধিক চাদ থকা এ চি চি ব্লকত প্রযোজ্য জি এছ টি ১৮ৰ পৰা ১২ শতাংশলৈ হ্ৰাস কৰা হৈছে আনহাতে পেট্রল-ডিজেল চালিত আৰু বৈদ্যুতিকবাহনসহ পুৰণি আৰু ব্যৱহৃত গাড়ীৰ বিক্রীত পূৰ্বৰ ১২ শতাংশৰ সলনি ১৮ শতাংশ জি এছ টি প্রযোজ্য হ'ব। অৱশ্যে ...

December 21, 2024 11:52 AM

views 32

জি এছ টি পৰিষদৰ ৫৫ সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব বিত্তমন্ত্রী নির্মলা সীতাৰমনে

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে আজি ৰাজস্থানৰ জয়চলমেৰ সামগ্ৰী আৰু সেৱাকৰ চমুকৈ জি এছ টি পৰিষদৰ ৫৫ সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব। এই বৈঠকত সামগ্ৰী আৰু সেৱাকৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোকপাত কৰি আলোচনা অনুষ্ঠিত হ'ব। গোৱা, হাৰিয়ানা, জম্মু-কাশ্মীৰ, মেঘালয় আৰু ওড়িশাৰ মুখ্যমন্ত্ৰীসকলৰ লগতে অৰুণাচল প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু তেলেংগানাৰ উপ মুখ্যমন্ত্ৰী তথা বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিত্তমন্ত্ৰীসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব। জি এছ টি পৰিষদৰ বৈঠকত খাদ্য সেৱা আৰু স্বাস্...