September 14, 2025 12:51 PM

views 14

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ১৮,৫৩০ কোটি টকা ব্যয়সাপেক্ষে অসমৰ আন্তঃগাঁথনি আৰু ঔদ্যোগীক বিকাশৰ সৈতে জড়িত বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১৮,৫৩০ কোটি টকা ব্যয়সাপেক্ষে অসমৰ প্ৰধান আন্তঃগাঁথনি আৰু ঔদ্যোগীক বিকাশৰ সৈতে জড়িত বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰথমে তেওঁ অঞ্চলটোৰ চিকিৎসা-শিক্ষা আৰু স্বাস্থ্যৰ যতন শক্তিশালী কৰাৰ উদ্দেশ্যে মঙলদৈত প্রায় ৫৭৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া দৰং চিকিৎসা মহাবিদ্যালয়, এখন জি. এন. এম. স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে ৰাজধানী চহৰখনৰ কাষৰীয়া অঞ্চলৰ যোগাযোগ ব্যৱস্থা সুগম কৰি তোলাৰ উদ্দেশ্যে ভার্চুৱেল পদ...