May 14, 2024 11:11 AM
29
লোকসভা নিৰ্বাচনৰ চতুৰ্থ পর্যায়ত প্রায় ৬৭.৭১ শতাংশ ভোটদান
লোকসভা নিৰ্বাচনৰ চতুৰ্থ পর্যায়ত কালি প্রায় ৬৭.৭১ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত দেশৰ ৯খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চল সামৰি লোৱা হয়। ইয়াৰ ভিতৰত অন্ধ্ৰ প্ৰদেশৰ ২৫টা, তেলেংগানাৰ ১৭টা, উত্তৰ প্ৰদেশৰ ১৩টা, মহাৰাষ্ট্ৰৰ ১১টা, মধ্যপ্ৰদেশ আৰু পশ্চিমবংগৰ ৮টাকৈ, বিহাৰৰ ৫টা, ওড়িশা আৰু ঝাৰখণ্ডৰ ৪টাকৈ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ এটা সমষ্টি আছে। নির্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি চতুৰ্থ পৰ্যায়ত বিহাৰত ৫৭.০২, জম্মু কাশ্মীৰত ৩৭.৯৮, ঝাৰখণ্ডত ৬৫.৩১, মধ্য...