October 3, 2024 12:41 PM

views 17

ভাৰত ভ্ৰমণলৈ যোৱা ৰাজ্যৰ ৪৯গৰাকী তীর্থযাত্ৰী দ্বাৰকা ৰে’ল ষ্টেচনৰ সমীপৰ ভাৰত সেৱাশ্ৰম সংঘত আবদ্ধ

ভাৰত ভ্ৰমণলৈ যোৱা অসমৰ ৪৯ গৰাকী তীর্থযাত্ৰীৰ দল এটা দ্বাৰকা ৰে'ল ষ্টেচনৰ সমীপৰ ভাৰত সেৱাশ্ৰম সংঘত আবদ্ধ হৈ আছে। বজালী জিলাৰ সদৰ পাঠশালাৰ পৰা এই তীর্থযাত্ৰীসকল যোৱা ২৩ ছেপ্তেম্বৰত দ্বাৰকালৈ গৈছিল। দ্বাৰকাৰ বিভিন্ন ঠাই দৰ্শনৰ মাজতে তীর্থযাত্ৰীসকলৰ কেইবাগৰাকীও খাদ্য বিষক্রিয়াত আক্রান্ত হয়। ফলত তেওঁলোকৰ ১২ গৰাকী লোক অসুস্থ হৈ পৰাৰ লগতে ইয়াৰে এজনৰ মৃত্যু হয়। মৃত লোকজন বজালীৰ ছৈবাৰী গাঁৱৰ উদ্ধৱ দাস বুলি জানিব পৰা গৈছে।