December 29, 2024 12:36 PM December 29, 2024 12:36 PM
29
বৰফ জমাৰ ফলত পিছল হোৱা বাবে ৪৪ নম্বৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত বন্ধ
৪৪ নম্বৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন অংশত বৰফ জমা হোৱাৰ ফলত পিছল হৈ পৰাৰ বাবে ঘাইপথটো যাতায়াতৰ বাবে বন্ধ কৰি দিয়া হৈছে। যান বাহন বিভাগৰ মুখপাত্রই ঘাইপথটো দুয়ো দিশৰ পৰা বন্ধ কৰি দিয়া হৈছে বুলি প্ৰকাশ কৰিছে। তেওঁ কয়, যে ঘাইপথটোৰ কোৱাজিগুণ্ড এলেকাত বিপুল পৰিমাণৰ বৰফ জমা হৈছে আৰু যন্ত্ৰসহায়ত ইতিমধ্যে অধিকাংশ বৰফ আঁতৰোৱা হৈছে। বতৰ ভাল নোহোৱালৈকে আৰু ৰাস্তাৰ ওপৰত জমা হোৱা বৰফ প্রাকৃতিকভাৱে নগলালৈকে ঘাইপথটোৰে যানবাহনৰ চলাচল সম্ভৱ নহয় বুলিও তেওঁ উল্লেখ কৰিছে।