June 9, 2025 8:09 PM
16
ৰাজা ৰঘুবংশীৰ হত্যাৰ সৈতে জড়িত ৪জন লোকক গ্ৰেপ্তাৰ কৰাৰ কথা নিশ্চিত
মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী প্রেষ্টন টিনচঙে ইন্দোৰৰ যুৱক ৰাজা ৰঘুবংশীৰ হত্যাৰ সৈতে জড়িত থকা ৪ জন লোকক গ্ৰেপ্তাৰ কৰাৰ কথা নিশ্চিত কৰিছে। ৩০ বছৰীয়া ৰাজা ৰঘুবংশীক হত্যাৰ বাবে পত্নী সোনম ৰঘুবংশীয়ে হত্যাকাৰী ভাড়া কৰাৰ কথা স্বীকাৰ কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰাৰ কিছুসময়ৰ পাছতে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে এখন সংবাদমেলত কয়, যে আৰক্ষীয়ে এতিয়াও এই ঘটনাৰ সৈতে জড়িত বাকী থকা এজন লোকৰ সন্ধান অব্যাহত ৰাখিছে। তেওঁ কয়, যে গ্ৰেপ্তাৰ কৰা আটাইকেইজনকে অধিক তদন্তৰ বাবে শ্বিলঙলৈ অনা হ'ব। মেঘালয় অপৰাধৰ কে...