May 6, 2024 8:04 PM
27
ৰাজ্যৰ ৪টা সমষ্টিত হ’বলগীয়া লোকসভা নির্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনৰ যাৱতীয় প্রস্তুতি সম্পূর্ণ
তৃতীয় পর্যায়ত কাইলৈ ৰাজ্যৰ ৪টা সমষ্টিত হ'বলগীয়া লোকসভা নির্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনসমূহে যাৱতীয় প্রস্তুতি সম্পূর্ণ কৰি তুলিছে। কাইলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হ'ব। সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্রশাসন তথা নির্বাচন বিভাগসমূহে ভোটগ্রহণ প্রক্রিয়া স্বচ্ছ, শান্তিপূর্ণ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটগ্রহণ কেন্দ্রসমূহত পর্যাপ্ত সুৰক্ষা কৰ্মী নিয়োগ কৰাৰ লগতে স্পৰ্শকাতৰ হিচাপে চিহ্নিত ভোটকেন্...