January 1, 2025 9:07 PM

views 9

ৰাজ্যৰ তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলিকৰণৰ উদ্দেশ্যে ‘স্বাগত সতীৰ্থ’ প’ৰ্টেল মুকলি

ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলৰ পাৰস্পৰিক বদলিকৰণ প্ৰক্ৰিয়া সৰল কৰাৰ উদ্দেশ্যে ‘স্বাগত সতীৰ্থ’ শীর্ষক এটা প'ৰ্টেল আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। আজি গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই প'ৰ্টেল আনুষ্ঠানিকভাৱে মুকলি কৰে। কৰ্মচাৰীসকলে আজিৰে পৰা অহা ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত এই প'ৰ্টেলত বদলিকৰণৰ বাবে আবেদন কৰিব পাৰিব। সমগ্রেড পে' লাভ কৰা কৰ্মচাৰী, সমসেৱা বিধি কৰ্মচাৰী আৰু সমঅৰ্হতা সম্পন্ন কৰ্মচাৰীৰ ক্ষেত্ৰতহে এই নিয়ম প্রযোজ্য ...