February 14, 2025 8:19 PM

views 2

উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ সামৰণি

উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ আজি সামৰণি পৰে। হল্ডৱানীৰ আন্তঃৰাষ্ট্ৰীয় ক্রীড়া প্রকল্প চৌহদত আজি বিয়লি এই সমাৰোহৰ সামৰণী অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে মনসুখ মন্দাভিয়াই উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে সামৰণি অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি কয়, যে দেৱভূমি বুলি কোৱা উত্তৰাখণ্ডত আয়োজিত ৰাষ্ট্ৰীয় ক্রীড়া...

February 9, 2025 11:41 AM

views 23

৩৮ সংখ্যক ৰাষ্ট্রীয় ক্রীড়া সমাৰোহত অসমৰ ৩টা সোণ, ১৫টা ৰূপ আৰু ১৫টা ব্ৰঞ্জৰ পদকেৰে সৰ্বমুঠ ৩৩টা পদক অৰ্জন

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্রীয় ক্রীড়া সমাৰোহত অসমে এতিয়ালৈকে ৩টা সোণ, ১৫টা ৰূপ আৰু ১৫টা ব্ৰঞ্জৰ পদকেৰে সৰ্বমুঠ ৩৩টা পদক অৰ্জন কৰিছে। আজি নেটবল, টেবুল টেনিছ, জিন্নাষ্টিক আৰু জুডোত পদক জয়ৰ বাবে অসমৰ খেলুৱৈসকল অৱতীৰ্ণ হ'ব। আজি পুৰুষৰ টেবুল টেনিছৰ ডাবলছত প্রিয়ানুজ ভট্টাচাৰ্যৰ নেতৃত্বত অসমে প্রথম খেলত অৱতীৰ্ণ হ'ব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে লনবল পেয়াৰ শিতানত অসমৰ নয়নমণি শ‍ইকীয়া আৰু বনগীতা হাজৰিকাৰ যুটীটোৱে কালি স্বর্ণ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। ইয়াৰ লগতে পুৰুষৰ এশ মিটাৰ ফাইনেলত ...

February 7, 2025 8:45 PM

views 23

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত লাভলীনা বৰগোঁহাই আৰু অংকুশিতা বড়োৰ স্বর্ণ পদক অৰ্জন

অলিম্পিক পদক বিজেতা বক্সাৰ লাভলীনা বৰগোঁহাই আৰু উদীয়মান বক্সাৰ অংকুশিতা বড়োৱে উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত নিজ নিজ শিতানত স্বর্ণ পদক অৰ্জন কৰিছে। লগতে তাৰকা বক্সাৰ শিৱ থাপা আৰু অভিনৱ শ‍ইকীয়াই ৰূপৰ পদক লাভ কৰিছে। ৰাষ্ট্ৰীয় ক্রীড়াৰ ইতিহাসত নতুন অভিলেখ গঢ়ি পোন প্ৰথমবাৰৰ বাবে অসমৰ ৪ গৰাকী বক্সাৰে ফাইনেলত প্ৰৱেশ কৰিছিল। ইপিনে মহিলাৰ একক আৰ্ছাৰীত টুটুমণি বড়ো আৰু আৰ্ছাৰী মিক্সড টীম শাখাত অসম দলে ব্ৰঞ্জৰ পদক লাভ কৰিছে।

February 6, 2025 12:18 PM

views 22

ৰাষ্ট্ৰীয় ক্রীড়াত নৱম দিনলৈকে অসমৰ ২০টা পদক লাভ

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ নৱম দিনপর্যন্ত অসমৰ পদকৰ সংখ্যা ২০লৈ বৃদ্ধি হৈছে। ল'ৰা-ছোৱালীৰ ২৫ বছৰ অনূৰ্ধ্ব শাখাত নৱাগত লনবল খেলুৱৈ বিতু দাস, সুৰঞ্জনা বৰুৱাৰ লগতে পুৰুষৰ ডাবলছত বিমান নাথ আৰু বিশ্বজিৎ খাউণ্ডে ৰূপৰ পদক লাভ কৰে। লনবলৰ বাকী থকা ৪টা ইভেণ্টৰ খেল আজি অনুষ্ঠিত হ'ব। কালি অসমৰ চাৰিগৰাকী বক্সাৰে নিজৰ নিজৰ ইভেণ্টত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। অসমৰ তাৰকা বক্সাৰ শিৱ থাপাই কোৱাৰ্টাৰ ফাইনেলত মণিপুৰৰ প্ৰতিদ্বন্দ্বীক ৫-০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আন ...

January 31, 2025 11:18 AM

views 15

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত টাইজিকোৱন শাখাত অসম দলৰ ছানমা ব্ৰহ্মৰ ৰূপৰ পদক লাভ

উত্তৰাখণ্ডৰ ডেৰাডুনত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ ফুটবল দলে জয়ৰে অভিযান আৰম্ভ কৰিছে। অসমে কালি গ্ৰুপ পৰ্যায়ৰ এখন খেলত শক্তিশালী গোৱাক ৩-২ গ'লত পৰাস্ত কৰে। অসমে কালি উশ্বৰ জৰিয়তে এইবাৰৰ ৰাষ্ট্ৰীয় ক্রীড়াত প্ৰথমটো পদক অৰ্জন কৰে। ছানমা ব্ৰহ্মই উন্মুৰ পুৰুষৰ টাইজিকোৱন শাখাত অসমৰ হৈ ৰূপৰ পদক লাভ কৰে। একেদৰে মহিলাৰ ৪৫ কিলোগ্রাম শাখাত প্রীয়া বড়ো, ৭৫ কিলোগ্রাম শাখাত খুদ্ৰা পাং য়িং আৰু ৫৬ কিলোগ্ৰাম শাখাত ইলিনা ৰাভাই চেমিফাইনেলত প্ৰৱেশ কৰি তিনিটা পদক নিশ্চিত কৰিছে।অসমৰ মহিলা ব...

January 29, 2025 11:41 AM

views 24

উত্তৰাখণ্ডত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া আনুষ্ঠানিকভাৱে উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়া উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলে এথলিট পেতে অংশগ্ৰহণ কৰি একতা আৰু ক্রীড়া বিদ্যা প্ৰদৰ্শন কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে দেৱভূমি উত্তৰাখণ্ডত ৰাষ্ট্ৰীয় ক্রীড়া আয়োজন কৰাৰ বাবে গৌৰৱ প্ৰকাশ কৰি এয়া ৰাজ্যখনৰ বাবে ঐতিহাসিক আৰু ঐশ্বৰিক মুহূর্ত বুলি অভিহিত কৰে। তেওঁ লগতে কয়, যে বহনক্ষমতাক প্ৰসাৰিত কৰাৰ লগতে ভাৰতৰ পৰম্পৰাগত খেলসমূহ উদযাপিত কৰি এই ৰাষ্ট্ৰীয় খেল সেউজ ক্ৰীড়া...

October 10, 2024 5:16 PM

views 18

২৮ জানুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ উত্তৰাখণ্ডত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া অনুষ্ঠিত হ’ব

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া অহা বছৰ ২৮ জানুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ উত্তৰাখণ্ডত অনুষ্ঠিত হ'ব। ভাৰতীয় অলিম্পিক সংস্থাই চলিত মাহৰ ২৫ তাৰিখে ৰাষ্ট্ৰীয় ক্রীড়াৰ বাবে সম্পূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উপৰি উত্তৰাখণ্ডে শীতকালীন ৰাষ্ট্রীয় ক্রীড়াও অনুষ্ঠিত কৰিব। নতুন দিল্লীত অনুষ্ঠিত এখন বৈঠকত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিয়ে ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি প্ৰীতি ঊষাক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, উত্তৰাখণ্ডে ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া অনুষ...