January 18, 2026 7:29 PM

views 20

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাজিৰঙা এলিভেটেড কৰিড’ৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় অংশৰ চাৰিশৰীয়া পথৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন

উত্তৰ-পূৰ্বাঞ্চল সম্প্ৰতি ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত নতুন দুৱাৰমুখ হিচাপে উদ্ভাসিত হৈ উঠিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। উত্তৰ-পূবক দেশৰ বাকী অংশৰ সৈতে উন্নয়নৰ পথত সমানে আগবঢ়াই নিয়াৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা লক্ষ্যৰ বিষয়েও প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কাজিৰঙা এলিভেটেড কৰিড'ৰ প্ৰকল্প আৰু ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় অংশৰ চাৰিশৰীয়া পথৰ উন্নীতকৰণৰ বাবে অনুষ্ঠিত ভূমিপূজনত প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি অংশগ্ৰহণ কৰে। এই উপলক্ষে কলিয়াবৰৰ মৌচন...

January 18, 2026 7:25 PM

views 20

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা ৰোধৰ বাবে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

কাজিৰঙাক দেশৰ জৈৱ বৈচিত্ৰ্যৰ অমূল্য ৰত্ন বুলিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিহিত কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে কাজিৰঙা কেৱল মাত্ৰ ৰাষ্ট্ৰীয় উদ্যান নহয়, কাজিৰঙা অসমৰ আত্মা। কাজিৰঙাৰ বন্যপ্ৰাণীক ৰক্ষা কৰি অসমৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰাটো চৰকাৰৰ দায়িত্ব বুলিও তেওঁ মন্তব্য কৰে। ৰাষ্ট্ৰীয় উদ্যানখনত গঁড় হত্যা ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজিৰ সভাত বৃহৎ সংখ্যক লোক সমবেত হোৱা বুলি উল্লেখ কৰি ভাষণত প্র...

January 18, 2026 12:57 PM

views 21

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাজিৰঙা এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন

অসম উন্নতিৰ পথত আগবাঢ়িলে সমগ্র উত্তৰ-পূর্বাঞ্চলেই উন্নতিৰ পথত আগবাঢ়িব আৰু উত্তৰ-পূৰ্বাঞ্চল আগবাঢ়িলে সামগ্রিকভাবে ভাৰতবৰ্ষৰ উন্নয়ন সাধন সম্ভৱ হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা এক্ট ইষ্ট নীতিৰ আধাৰত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ দ্রুত উন্নয়ন সম্ভৱপৰ হৈ উঠিছে বুলি উল্লেখ কৰি তেওঁ কয় যে সম্প্ৰতি ভাৰতীয় জনতা পার্টী দেশৰ জনসাধাৰণৰ একমাত্ৰ ভাৰসা হৈ উঠিছে। কাজিৰঙা এলিভেটেড কৰিড'ৰৰ আধাৰশিলা স্থাপন উপলক্ষে কলিয়াবৰৰ মৌচন্দা পথাৰত আজি আয়োজিত এখন ৰাজহুৱা সভাত ভ...