October 30, 2024 12:18 PM
11
২০০৮ চনৰ ৩০ অক্টোবৰত সন্ত্ৰাসবাদীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ আজি ১৬ বছৰ
২০০৮ চনৰ ৩০ অক্টোবৰত সন্ত্ৰাসবাদীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ আজি ১৬ বছৰ সম্পূৰ্ণ হৈছে। গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা ৰোডত সংঘটিত বোমা বিস্ফোৰণত বহু লোকে প্ৰাণ হেৰুৱাইছিল। অসম ছাত্ৰ সন্থাই আজি ৰাজ্যজুৰি বোমা বিস্ফোৰণত নিহতসকললৈ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছে।