October 24, 2024 8:47 PM
10
ভাৰত-নিউজিলেণ্ডৰ দ্বিতীয় টেষ্ট মেচত নিউজিলেণ্ডৰ ২৫৯ ৰানত প্ৰথম ইনিংছ সমাপ্ত, ভাৰতৰ ১৬ ৰান সংগ্ৰহ
পুনেত অনুষ্ঠিত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলৰ আজি প্রথম দিনা নিউজিলেণ্ডে প্রথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ২৫৯ ৰান সংগ্ৰহ কৰে । ভাৰতৰ হৈ ৱাশ্বিংটন সুন্দৰে ৭টা উইকেট আৰু ৰবিচন্দ্রন অশ্বিনে তিনিটা উইকেট দখল কৰে। টছত জিকি প্রথমে বেটিং কৰা নিউজিলেণ্ডৰ হৈ ডেভন কনৱেই ৭৬ আৰু ৰাচিন ৰবিন্দ্ৰই ৬৫ ৰান কৰে। প্ৰথম দিনৰ খেলৰ সমাপ্তিত ভাৰতে ৰোহিত শৰ্মাৰ উইকেট হেৰুৱাই ১৬ ৰান সংগ্ৰহ কৰে। উল্লেখযোগ্য যে, বাংগালুৰুত অনুষ্ঠিত প্ৰথমখন খেলত পৰাজিত হৈ ভাৰত শৃংখলাটোত ১-০ৰ ...