September 17, 2025 12:05 PM

views 17

বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্পই ৰাজ্যৰ ৫০ হাজাৰ বাঁহ খেতিয়কৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১৪ ছেপ্তেম্বৰত উদ্বোধন কৰা নুমলীগড় শোধনাগাৰৰ বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্পৰ বাবে ইতিমধ্যে এক কোটি টকা মূল্যৰ বাঁহ শোধনাগাৰ কৰ্তৃপক্ষই ক্ৰয় কৰিছে। এই প্ৰকল্পৰ বাবে বাঁহৰ এটা অবিৰত যোগান শৃংখলা গঢ়ি তুলিবলৈ এন আৰ এল কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা লৈছে। শোধনাগাৰটোৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনে সংবাদমাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৫ হাজাৰ কোটি টকাৰে স্থাপন কৰা বিশ্বৰ প্ৰথম হিচাপে পৰিগণিত এই বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্পই ৰাজ্যৰ ৫০ হাজাৰ বাঁহ ...

September 15, 2025 1:15 PM

views 50

নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্ৱোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

নুমলীগড় শোধনাগাৰত নিৰ্মাণ কৰা বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্পই অসমৰ ৫০ হাজাৰ বাঁহ খেতিয়কক আর্থিকভাৱে সবল কৰি তোলাৰ লগতে বহনক্ষম উন্নয়নৰ পথ মুকলি কৰিব। গোলাঘাট জিলাৰ নুমলীগড়ত কালি এই প্রকল্প উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ৫ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই প্রকল্পই অসম তথা দেশৰ ঔদ্যোগিক ক্ষেত্ৰখনক নতুন গতি প্ৰদান কৰিব। শ্রীমোদীয়ে কালি নুমলীগড় শোধনাগাৰৰ নতুন পলিপ্রপিলিন গোটটোৰো আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পত উৎপাদিত প্লাষ্টিক আৰ...