July 19, 2025 10:09 PM

views 12

উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰত ১,২৭১ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰত এহেজাৰ ২৭১ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ৰুদ্ৰপুৰত অনুষ্ঠিত উত্তৰাখণ্ড বিনিয়োগ মহোৎসৱ ২০২৫ত অংশগ্ৰহণ কৰি শ্ৰী শ্বাহে দেশৰ বিভিন্ন প্ৰান্তৰ বিনিয়োগৰাকী আৰু উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰে। এই অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে যেতিয়ালৈ উত্তৰাখণ্ডৰ দৰে সৰু ৰাজ্যসমূহে উন্নয়নৰ পথত অগ্ৰসৰ হ'ব নোৱাৰে তেতিয়ালৈকে দেশে উন্নতিৰ পথ নেদেখে। সেয়েহে কেন্দ্ৰীয় চৰকাৰে দেশৰ সৰু ৰাজ্য আৰু পূবৰ ৰাজ্যসম...