August 27, 2024 11:11 AM August 27, 2024 11:11 AM

views 5

চত্তিশগড়ৰ বিজাপুৰত ২৫জন মাওবাদীৰ আত্মসমৰ্পণ

চত্তিশগড়ৰ বিজাপুৰ জিলাত কালি ২৫ জন মাওবাদীয়ে জিলা আৰক্ষী অধীক্ষক আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ উপ-মহাপৰিদৰ্শকৰ উপস্থিতিত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণ কৰা মাওবাদীকেইজনৰ বিপৰীতে মুঠ ২৯ লাখ টকাৰ পুৰস্কাৰৰ কথা ঘোষণা কৰা হৈছিল। ইয়াৰ ভিতৰত ৩ জনৰ বিপৰীতে ৮ লাখ টকাকৈ, এজনৰ বিপৰীতে ৩ লাখ টকা আৰু অন্য দুজনৰ বিপৰীতে একলাখ টকাকৈ ঘোষণা কৰা হৈছিল। আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা অনুসৰি চত্তিশগড় চৰকাৰৰ পুনৰবাসন নীতিৰ অধীনত আত্মসমৰ্পণ কৰা প্ৰতিগৰাকী মাওবাদীলৈ ২৫ হাজাৰ টকাকৈ আগবঢ়োৱা হৈছে।