January 22, 2026 12:14 PM

views 21

অসমত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পৰীক্ষণ প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব

বিধানসভা নিৰ্বাচনৰ বাবে অসমত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পৰীক্ষণ প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব। ভোটাৰসকলক তেওঁলোকৰ কিবা ওজৰ-আপত্তি থাকিলে আজিৰ ভিতৰত এইসমূহ দাখিল কৰিবলৈ ৰাজ্যিক নির্বাচন আয়োগে ইতিমধ্যে অধিসূচনাৰ জৰিয়তে আহ্বান জনাইছে। অভিযোগ নিষ্পত্তিৰ পাছতে অহা ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হ'ব। উল্লেখযোগ্য যে যোৱা ২৭ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছিল। ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বাবে নিৰ্বাচন আয়োগে যোৱা ১৭ নৱেম্বৰত অধিসূচনা জাৰি কৰিছিল। এই অধিসূচনাত ভোটাৰৰ নাম সংশোধন,...

December 27, 2025 8:40 PM

views 56

ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ খচৰা তালিকা প্ৰকাশ

ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ খচৰা তালিকা আজি প্ৰকাশ কৰা হয়। এই তালিকা সন্দৰ্ভত ৰাইজে অহা ২২ জানুৱাৰী পৰ্যন্ত ওজৰ-আপত্তি দাখিল কৰিব পাৰিব। ওজৰ-আপত্তি নিষ্পত্তিৰ বাবে ৩, ৪, ১০ আৰু ১১ জানুৱাৰীত বিশেষ শিবিৰ অনুষ্ঠিত হ'ব। ২ ফেব্ৰুৱাৰীৰ ভিতৰত এই ওজৰ-আপত্তিসমূহ নিষ্পত্তি কৰি ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হ'ব। খচৰা তালিকা অনুসৰি ভোটাৰ তালিকাৰ পাৰা ৰাজ্যৰ ৪ লাখ ৭৮ হাজাৰ ৯৯২ জন ভোটদাতাৰ নাম কৰ্তন কৰা হৈছে। বাসস্থান সলনি কৰা ৫ লাখ ২৩ হাজাৰ ৬৬০ জন ভোটদাতাক চিনাক্ত কৰাৰ লগতে কেইবাটা...

December 18, 2025 4:47 PM

views 16

পশ্চিমবংগত ভোটাৰ তালিকাৰ পুংখানুপুংখ সংশোধনৰ অংশ হিচাপে সংশ্লিষ্ট ব্যক্তিসকললৈ আজিৰেপৰা শুনানিৰ বাবে জাননী প্ৰেৰণ

পশ্চিমবংগত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ অংশ হিচাপে সংশ্লিষ্ট ব্যক্তিসকললৈ আজিৰেপৰা শুনানিৰ বাবে জাননী প্ৰেৰণ কৰা হ'ব। ভোটদাতাসকলে শুনানিৰ বাবে ৭ দিন সময় লাভ কৰিব। ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ে প্রকাশ কৰা মতে অহা সপ্তাহৰ পৰা শুনানি প্রক্রিয়া আৰম্ভ হ'ব। ৮৫ আৰু ইয়াৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলে শুনানিৰ বাবে কেন্দ্ৰত সোঁশৰীৰে উপস্থিত নহ'লেও হ'ব। নির্বাচনী পঞ্জীয়ন বিষয়া, সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া আৰু বুথ পৰ্যায়ৰ বিষয়াসকলে তেওঁলোকৰ ঘৰলৈ যাব।

December 6, 2025 7:57 PM

views 21

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৯৩ লাখৰো অধিক গণনাপত্ৰ বিতৰণ

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৯৩ লাখৰো অধিক গণনাপত্ৰ বিতৰণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। বিতৰণ কৰা প্ৰপত্ৰৰ সংখ্যা এই পৰ্যায়ত সামৰি ল'বলগীয়া ৫১ কোটি ভোটদাতাৰ প্ৰায় ৯৯.৯৩ শতাংশ। আয়োগে প্ৰকাশ কৰা মতে বৰ্তমানলৈকে প্ৰায় ৪৯ কোটি প্ৰপত্ৰৰ ডিজিটেল ৰূপ প্ৰদানৰ কাম সম্পূৰ্ণ হৈছে। দেশৰ ৯খন ৰাজ্য আৰু তিনিটা কেন্দ্রীয় শাসিত অঞ্চলত ৪ নৱেম্বৰত দ্বিতীয় পর্যায় ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন প্ৰক্ৰিয়াৰ আৰম্ভ হৈছিল...

November 29, 2025 10:38 PM

views 30

বিশেষ বিস্তৃত সংশোধনৰ দ্বিতীয় পৰ্যায়ত ভোটাৰৰ মাজত ৫০ কোটি ৭৩ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ

● নির্বাচন আয়োগে আজি প্ৰকাশ কৰিছে যে, বিশেষ বিস্তৃত সংশোধনৰ দ্বিতীয় পৰ্যায়ত ভোটাৰসকলৰ মাজত ৫০ কোটি ৭৩ লাখতকৈও অধিক গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে। এই প্ৰক্ৰিয়াৰ জড়িয়তে প্রায় ৫১ কোটি মুঠ ভোটাৰৰ ৯৯.৫৩ শতাংশ ভোটাৰক এই পৰ্যায়ত সামৰি লোৱা হ 'ব। আয়োগে কয় যে এতিয়ালৈকে প্রায় ৪০ কোটি প্ৰ-পত্র ডিজিটেলাইজ কৰা হৈছে৷ উল্লেখযোগ্য যে ৪ নৱেম্বৰৰ পৰা দেশৰ ৯ খন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলত দ্বিতীয় পৰ্যায়ৰ ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন আৰম্ভ হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হ...

November 24, 2025 8:49 PM

views 25

ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াত কংগ্ৰেছ আৰু টি এম চিকে ধৰি বিৰোধী দলসমূহে বাধাৰ সৃষ্টি কৰিছেঃ বিজেপি

দেশৰ কেইখনমান ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া নিয়াৰিকৈ চলাই নিয়াৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু টি এম চিকে ধৰি বিৰোধী দলসমূহে বাধাৰ সৃষ্টি কৰিছে বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ মুখপাত্র শুধাংশু ত্রিবেদীয়ে কয় যে দেশত স্বচ্ছ আৰু নিকা নিৰ্বাচনৰ বাবে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ অত্যন্ত প্রয়োজন। কংগ্ৰেছৰ নেতা আৰু ঝাৰখণ্ডৰ মন্ত্ৰী ইৰফান আনচাৰিয়ে বুথ পৰ্যায়ৰ বিষয়াসকলৰ সন্দৰ্ভত কৰা মন্তব্য সন্দৰ্ভত উদ্বেগ প্রকাশ কৰি শ্রীত্রিবেদ...

October 28, 2025 10:40 AM

views 61

দ্বিতীয় পৰ্যায়ৰ ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী প্ৰক্ৰিয়া আৰম্ভ

● দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত আজি দ্বিতীয় পৰ্যায়ৰ ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হ'ব। অহা বছৰৰ ৭ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। অৱশ্যে এই ৰাজ্যসমূহৰ ভিতৰত অসমক অন্তৰ্ভুক্ত কৰা হোৱা নাই। মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কালি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয়, যে এই পৰ্যায়ত উত্তৰ প্ৰদেশ, গুজৰাট, মধ্যপ্রদেশ, চত্তিশগড়, ৰাজস্থান, তামিলনাড়ু, পশ্চিমবংগ, গোৱা, কেৰালা, পুডুচেৰী, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ তথা লাক্ষাদ্বীপত...

October 30, 2024 12:29 PM

views 29

২০২৫ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্রকাশ, দাবী-আপত্তি দৰ্শোৱাৰ অন্তিম দিন ২৮ নৱেম্বৰ

ৰাজ্যিক নির্বাচন আয়োগে ২০২৫ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্রকাশ কৰিছে। ভোটদাতাসকলে বিশেষ সংক্ষিপ্ত সংশোধনী সন্দৰ্ভত নিজৰ ওজৰ-আপত্তি দাখিল কৰিব পাৰিব। ২৮ নৱেম্বৰৰ ভিতৰত নাগৰিকে দাবী বা আপত্তি দৰ্শাব পাৰিব। এই সময়ছোৱাত ৰাজ্যবাসীয়ে প্ৰ-পত্ৰ ৬, ৬(ক), ৭ আৰু ৮ পূৰণ কৰিব পাৰিব। ৰাজ্যিক নিৰ্বাচন আয়োগে ৯, ১০, ১৬ আৰু ১৭ নৱেম্বৰত বিশেষ প্ৰচাৰৰ দিন ধাৰ্য কৰিছে। খচৰা ভোটাৰ তালিকা সন্দৰ্ভত দাবী আৰু আপত্তিসমূহ অহা ২৪ ডিচেম্বৰত নিষ্পত্তি কৰা হ'ব। আনহাতে অহা ৬ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। ভোটদা...