May 19, 2025 1:40 PM

views 15

সাংসদ দিলীপ শ‍ইকীয়াক ২০২৫ চনৰ সংসদ ৰত্ন বঁটা বাবে মনোনীত

অসম প্রদেশ বিজেপিৰ সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শ‍ইকীয়াক ২০২৫ চনৰ সংসদ ৰত্ন বঁটা বাবে মনোনীত কৰা হৈছে। ৰাষ্ট্ৰীয় অন্যান্য পিছপৰা আয়োগৰ অধ্যক্ষ হংসবাজ গংগাৰাম অহিবৰ নেতৃত্বাধীন জুৰিৰ বোর্ডে সাংসদ শ‍ইকীয়াক এই বঁটাৰ বাবে মনোনীত কৰিছে। প্রাইম পইণ্ট ফাইণ্ডেচনে ২০১০ চনৰ পৰা সংসদ ৰত্ন বঁটা প্ৰদান কৰি আহিছে। এই বঁটা লাভ কৰা শ‍ইকীয়া হ'ল উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী সাংসদ। চলিত বৰ্ষত লোকসভা আৰু ৰাজ্যসভাৰ মুঠ ১৭ গৰাকী সাংসদে এই বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে। ১৭ গৰাকী সাংসদৰ লগতে ...

April 6, 2025 12:32 PM

views 14

সংসদত গৃহীত ৱকফ সংশোধনী বিধেয়ক ২০২৫ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অনুমোদন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে এই সপ্তাহত সংসদত গৃহীত ৱকফ সংশোধনী বিধেয়ক ২০২৫ত অনুমোদন জনাইছে। ইয়াৰ লগে লগে বিধেয়কখন আইনত পৰিণত হৈছে। উল্লেখযোগ্য যে লোকসভাই বৃহস্পতিবাৰে বিধেয়কখন গ্রহণ কৰিছিল। নিম্ন সদনত ২৮৮ গৰাকী সদস্যই বিধেয়কখনৰ সপক্ষে আৰু ২৩২ গৰাকী সদস্যই বিপক্ষে ভোট দিছিল। ৰাজ্যসভাত ৱকফ সংশোধনী বিধেয়ক ২০২৫ শুকুৰবাৰে গৃহীত হৈছিল। উচ্চ সদনত ১২৮ গৰাকী সদস্যই বিধেয়কখনৰ সপক্ষে আৰু ৯৫ গৰাকীয়ে বিপক্ষে ভোটদান কৰিছিল। ৰাষ্ট্ৰপতিয়ে লগতে মুছলমান ৱকফ বাতিলকৰণ বিধেয়ক ২০২৫তো অনুমোদন দিছে।