March 13, 2025 9:16 PM

views 14

ইটালীত অনুষ্ঠিত বিশেষ অলিম্পিক- বিশ্ব শীতকালীন ক্রীড়াত ভাৰতৰ পদকৰ সংখ্যা ৯লৈ বৃদ্ধি

ইটালীত চলি থকা বিশেষ অলিম্পিক- বিশ্ব শীতকালীন ক্রীড়াৰ দ্বিতীয় দিনা ভাৰতে দুটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জেৰে মুঠ পদকৰ সংখ্যা ৯লৈ বৃদ্ধি কৰিছে। স্নোবোর্ডিঙত আজি ভাৰতীয়ে সোণৰ পদক আৰু হৰ্ষিতা ঠাকুৰে ব্ৰঞ্জৰ পদক দখল কৰে। এলপাইন স্কিৱিঙতো ভাৰতীয় খেলুৱৈসকলে উন্নত প্ৰদৰ্শন কৰে। এই শিতানত নিৰ্মলা দেৱীয়ে সোণৰ আৰু ৰাধা দেৱীয়ে ৰূপৰ পদক অৰ্জন কৰে। স্কীৱিঙৰ পুৰুষৰ শিতানত ভাৰতৰ অভিষেক কুমাৰে ৰূপৰ পদক অৰ্জন কৰে।