June 21, 2025 1:08 PM June 21, 2025 1:08 PM
6
ভাৰত-ইংলেণ্ডৰ এণ্ডাৰচন-তেণ্ডুলকাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টৰ প্ৰথম দিনা ভাৰতৰ ৩ উইকেটত ৩৫৯ ৰান সংগ্ৰহ
ভাৰত আৰু ইংলেণ্ডৰ মাজত হেডিংলিত অনুষ্ঠিত এণ্ডাৰচন-তেণ্ডুলকাৰ ট্ৰফীৰ পাঁচখনীয়া শৃংখলাৰ প্ৰথমখন টেষ্ট মেচৰ আৰম্ভণিৰ দিনা কালি ভাৰতে তিনিটা উইকেটৰ বিনিময়ত ৩৫৯ ৰান সংগ্ৰহ কৰে। অধিনায়ক শুভমন গীল আৰু সহ-অধিনায়ক ঋষভ পণ্টে আজি আবেলি দ্বিতীয় দিনৰ খেল আৰম্ভ কৰিব ৷ ভাৰতে কালি প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি য়শস্বী জয়ছোৱাল আৰু কে এল ৰাহুলৰ বেটিঙেৰে দৃঢ় আৰম্ভণি কৰে যদিও কে এল ৰাহুল ৪২ ৰান কৰি ব্ৰাইডন কাৰ্ছৰ বলত আউট হয়। অৱশ্যে য়শস্বী জয়ছোৱালে তেওঁৰ টেষ্ট ক্ৰিকেটৰ পঞ্চমটো শতক অৰ্জন কৰি চাহ বিৰতিৰ প...