October 1, 2024 9:53 AM

views 31

সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ পোষকতা মুখ্যমন্ত্ৰীৰ

■ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ পোষকতা কৰিছে। কালি গুৱাহাটীত সাংবাদিকেৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এন আৰ চিৰ বিষয়টো এতিয়া কেৱল অসমৰ সমস্যা বা বিষয় নহয়। এইটো এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমস্যা। সেয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত এন আৰ চি যুগুতৰ বিষয়টোক লৈ সংসদত মুকলিমুৰীয়াকৈ আলোচনা হ'ব লাগে। তেওঁ কয় যে, ৰাজ্য চৰকাৰে যিদৰে শুদ্ধ এন আৰ চি বিচাৰি আছে তথা ২০ শতাংশ পুনৰীক্ষণৰ সুবিধা দিব লাগে বুলি কৈ আছে, ঠিক তেনেকৈ ঝাৰখণ্ড বা অন্য ৰাজ্যতো...

September 21, 2024 9:08 PM

views 22

বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত সবল স্থিতিত ভাৰত

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে সবল স্থিতি অক্ষুণ্ণ ৰাখিছে। আজি তৃতীয় দিনৰ খেলৰ অন্তত আলহী দলটোৱে ৪ উইকেটৰ বিনিময়ত ১৫৮ ৰান সংগ্ৰহ কৰে। দলটোৱে ৬টা উইকেট হাতত থকা অৱস্থাত ৩৫৭ ৰানত পিছপৰি আছে। আজি দিনান্তত নাজমুল হুছেইন শ্বান্তোৱে ৫১ ৰান আৰু ছাকিব অল হাছানে ৫ ৰান কৰি অপৰাজিত হৈ আছে। ভাৰতৰ হৈ ৰবিচন্দ্রন অশ্বিনে ৩টা উইকেট দখল কৰাৰ বিপৰীতে যশপ্রীত বুমৰাহে এটা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে ৪ উইকেটৰ বিনিময়ত সংগ্ৰহ ক...