June 21, 2024 2:46 PM June 21, 2024 2:46 PM

views 35

১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি সামৰণি

১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি সামৰণি পৰিব। যোৱা ১৫ জুনত চার্লি হেমিল্টন-জেমছৰ পৰিচালনাৰে নিৰ্মিত ‘বিলি এণ্ড মলি: এণ অটাৰ লাভ ষ্ট'ৰী' শীৰ্ষক তথ্যচিত্ৰৰে এই ৭ দিনীয়া মহোৎসৱ মুকলি কৰা হৈছিল। এইবেলি মহোৎসৱত ৫৯খন দেশৰ ৬১ টা ভাষাৰ মুঠ ৩১৪খন চলচ্চিত্র প্রদর্শন কৰা হয়। ইয়াৰ ভিতৰত ৮খন চলচ্চিত্ৰৰ বিশ্ব প্রিমিয়াৰ, ৫খনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰিমিয়াৰ, ১৮খনৰ এছিয়া প্ৰিমিয়াৰ আৰু ২১খনৰ ভাৰত প্ৰিমিয়াৰ অনুষ্ঠিত হয়। সমগ্ৰ দেশৰ দৰ্শকৰ মাজত উৎসৱৰ প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্য মুম্বাইৰ উপৰি দি...

June 17, 2024 9:12 PM June 17, 2024 9:12 PM

views 17

মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখাত ৭৭খন ছবিৰ প্রতিদ্বন্দ্বিতা

মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (এমআইএফএফ)ৰ ১৮সংখ্যক সংস্কৰণত ৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখাত ৭৭খন ছবিয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। এই চলচ্চিত্ৰ মহোৎসৱত এইবাৰ অভিলেখসংখ্যক ৮৪০খন চিনেমাই অংশগ্রহণ কৰিছে। নতুন পৰিচালকৰ ৩০খন উল্লেখযোগ্য ছবি আৰু ছাত্ৰৰ দ্বাৰা পৰিচালিত ১২খন চিনেমায়ো প্রতিযোগীসকলৰ মাজত নিজৰ স্থান লাভ কৰিছে৷ মহোৎসৱৰ শ্ৰেষ্ঠ ভাৰতীয় তথ্যচিত্র ছবিয়ে লাভ কৰিব ৰূপালী শংখ আৰু নগদ ৫ লাখ টকা। আনহাতে, ৩০ মিনিট পর্যন্ত দৈৰ্ঘ্যৰ শ্ৰেষ্ঠ ভাৰতীয় চুটি কাহিনী ছবিয়ে ৰূপালী শংখ আৰু ৩ লাখ টক...