April 26, 2025 1:39 PM

views 16

জম্মু-কাশ্মীৰৰ পৰা এতিয়ালৈকে প্ৰায় ৫০০গৰাকী যাত্ৰী সুকলমে ঘৰলৈ উভতিছে

১৮৩গৰাকী যাত্ৰীয়ে দুখন বিশেষ বিমানৰ জৰিয়তে শ্ৰীনগৰৰ পৰা মুম্বাইলৈ সুকলমে ঘূৰি আহিছে বুলি অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে এটা বিবৃতিযোগে জানিবলৈ দিছে। এই দুয়োখন বিমানৰ যাত্ৰা বিনামূলীয়া আছিল বুলিও মন্ত্রালয়ে প্রকাশ কৰে। তৃতীয়খন বিমানযোগে আৰু ২৩২গৰাকী যাত্ৰী সন্ধিয়াৰ ভাগলৈ মুম্বাইত উপস্থিত হৈছে। জম্মু-কাশ্মীৰৰ পৰা এতিয়ালৈকে প্ৰায় ৫০০গৰাকী যাত্ৰী সুকলমে তেওঁলোকৰ ঘৰলৈ উভতি যোৱা বুলিও মন্ত্রালয়ে লগতে প্ৰকাশ কৰে।