October 3, 2024 12:44 PM

views 20

জটিল ৰোগত আক্ৰান্ত ১৮ বছৰ অনূৰ্ধ্বৰ ১৪টি শিশুক উন্নত চিকিৎসাৰ বাবে বাংগালুৰু আৰু মুম্বাইলৈ প্ৰেৰণ

জন্মগতভাৱে হৃদপিণ্ডৰ জটিল ৰোগত আক্ৰান্ত ১৮ বছৰ অনূৰ্ধ্বৰ ৰাজ্যৰ ১৪টি শিশুক কালি উন্নত চিকিৎসাৰ বাবে বাংগালুৰু আৰু মুম্বাইৰ নাৰায়ণা হৃদয়ালয়লৈ প্ৰেৰণ কৰা হৈছে। মন্ত্ৰী কেশৱ মহন্তই কালি ৰাওনা হোৱাৰ পূৰ্বে শিশুকেইটিক গুৱাহাটী চিকিৎ‍সা মহাবিদ্যালয় হাস্পতালত সাক্ষাৎ কৰে। তেওঁ কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা মৰ্মে হৃদপিণ্ডৰ জন্মগত বিসংগতি থকা শিশুসকলক চৰকাৰে নাৰায়ণা হৃদয়ালয়ত উন্নত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰি আহিছে। ইয়াৰ বাবে যোৱা ১ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ ৰাজ্যজুৰি ৰ...