January 4, 2025 12:09 PM

views 11

প্ৰতিবছৰে ১৩ মে’ত অন্ধবিশ্বাসবিৰোধী দিৱস পালনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে প্ৰতিবছৰে ১৩ মে'ত অন্ধবিশ্বাসবিৰোধী দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে যুঁজ দিয়া পদ্মশ্ৰী সন্মানেৰে বিভূষিত বীৰুবালা ৰাভাৰ মৃত্যুৰ দিনটো এনেদৰে পালন কৰিবলৈ ৰাজ্যপালৰ অনুমোদন সাপেক্ষে মহিলা আৰু শিশু বিকাশ বিভাগে অধিসূচনা জাৰি কৰিছে। অধিসূচনাখনত উল্লেখ কৰা মতে সমাজৰ বাবে ক্ষতিকাৰক অন্ধ বিশ্বাসৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যখনৰ ২১৯ টা খণ্ডত আর্যভট্ট বিজ্ঞান কেন্দ্ৰই এই দিৱসত বিভিন্ন কাৰ্য...