August 15, 2025 12:47 PM August 15, 2025 12:47 PM
3
আৰক্ষী, অগ্নিনির্বাপণ, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা সেৱাৰ ১,০৯০গৰাকী কৰ্মীলৈ ৰাষ্ট্ৰপতিৰ পদক
স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকসমূহ ঘোষণা কৰা হৈছে। এই বছৰ আৰক্ষী, অগ্নি নির্বাপন, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা সেৱাৰ মুঠ এহেজাৰ ৯০ গৰাকী কৰ্মীলৈ এই পদক আগবঢ়োৱা হৈছে। অসমৰ ১৭ গৰাকী আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছে। আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তলৈ উৎকৃষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক আগবঢ়োৱা হৈছে। আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপ, মহকুমা আৰক্ষী বিষয়া হেমন্ত কুমাৰ বড়ো আৰু কনিষ্টবল অখিলৰঞ্জন দাসে সাহসিকতাৰ আৰক্ষী পদক লাভ কৰিছে। একেদৰে আৰক্ষী মহাপৰিদৰ্শক সংযুক...