October 14, 2024 7:13 PM October 14, 2024 7:13 PM
5
শাৰদীয় দুর্গা পূজাৰ সময়ছোৱাত ৰাজ্যত ৮৪৩টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা প্ৰকাশ
শাৰদীয় দুর্গা পূজাৰ সময়ছোৱাত ৰাজ্যখনত ৮৪৩টা পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জৰুৰীকালীন সেৱা প্ৰদানকাৰী মৃত্যুঞ্জয় ১০৮ সেৱাই সদৰি কৰিছে। প্ৰতিষ্ঠানটোৱে আজি প্ৰকাশ কৰা অনুসৰি যোৱা ১১ অক্টোবৰত সৰ্বাধিক ১৫১টা আৰু ১২ অক্টোবৰত ১৮৭টা দুৰ্ঘটনা সংঘটিত হয়। ইয়াৰ ভিতৰত শোণিতপুৰ জিলাত সৰ্বাধিক ৬৬টা দুৰ্ঘটনা সংঘটিত হয়। কামৰূপ জিলাতো এই সময়ছোৱাত ৬০টা দুৰ্ঘটনা সংঘটিত হয়। ইপিনে পূজাৰ সময়ছোৱাত যোৱা ১২ৰ পৰা ১৪ অক্টোবৰলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ কেজুৱেলিটিত ১২০টা পথ দুর্ঘটনা পঞ্জীভুক্ত হয়।...