February 6, 2025 11:06 AM

views 14

আমেৰিকাত অবৈধভাৱে থকা ১০৪গৰাকী ভাৰতীয়ক লৈ আমেৰিকাৰ বিমান অমৃতসৰৰ বিমানবন্দৰত অৱতৰণ

আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধভাৱে বসবাস কৰা ১০৪গৰাকী ভাৰতীয় লোকক কঢ়িয়াই অনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন বিমান কালি বিয়লি অমৃতসৰৰ শ্ৰীগুৰু ৰামদাসজী আন্তর্জাতিক বিমান বন্দৰত অৱতৰণ কৰে। সূত্ৰ অনুসৰি ইয়াৰ ভিতৰত ৩০গৰাকী পাঞ্জাৱৰ লোক থকাৰ বিপৰীতে আন লোকসকল চণ্ডীগড়, হাৰিয়ানা, গুজৰাট, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে। অমৃতসৰ প্ৰশাসনে ইয়াৰ বাবে বিমান বন্দৰ প্ৰাধিকৰণৰ সৈতে সকলো ধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে। প্ৰত্যৰ্পন কৰা লোকসকলৰ সবিশেষ চিনাক্ত কৰাৰ বাবে প্ৰক্ৰিয়া অব্যাহত আছে। আ...