October 3, 2024 7:12 PM October 3, 2024 7:12 PM
5
আকাশবাণীৰ জনপ্ৰিয় অনুষ্ঠান মন কী বাতৰ ১০ বছৰ সম্পূৰ্ণ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশবাণীৰ জনপ্ৰিয় অনুষ্ঠান মন কী বাতে আজি ১০ বছৰ সম্পূৰ্ণ কৰে। ২০১৪ চনৰ আজিৰ দিনটোতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি জনসাধাৰণৰ মনৰ ভাব ব্যক্ত কৰিছিল। এই ১০ বছৰৰ যাত্ৰাত প্রধানমন্ত্ৰীয়ে সামাজিক, সাংস্কৃতিক, পৰিৱেশ আৰু আচৰণ আদিৰ বিষয়সমূহৰ ক্ষেত্ৰত দেশৰ জনসাধাৰণৰ মাজত ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। দেশৰ জনসাধাৰণ আৰু প্ৰধানমন্ত্ৰীৰ মাজত যোগসূত্ৰ স্থাপনৰ ক্ষেত্ৰত মন কী বাত কাৰ্যসূচী এটা গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে বিবেচিত হৈছে। মন ক...