January 1, 2026 1:19 PM January 1, 2026 1:19 PM

views 3

নৱবৰ্ষৰ পহিলা দিনটোত ৰাজ্যৰ মঠ-মন্দিৰ-ধর্মীয় স্থানত ভক্তৰ ভিৰ; বিভিন্ন অনুষ্ঠানৰ আয়োজন

নৱবৰ্ষৰ আজি পহিলা দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ-মন্দিৰ আৰু আন আন ধর্মীয় স্থানসমূহত ভক্তসকলে পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে। শক্তিপীঠ কামাখ্যা মন্দিৰ, শুক্ৰেশ্বৰ মন্দিৰ, লতাশিল আৰু গণেশগুৰিৰ গণেশ মন্দিৰ, বশিষ্ঠ মন্দিৰকে ধৰি আন আন ধর্মীয় স্থানসমূহতো ভক্তসকলে পূজা-অৰ্চনা আগবঢ়াই বছৰটোলৈ কুশল-মঙ্গলৰ বাবে প্ৰাৰ্থনা কৰিছে । ৰাজ্যৰ ভিন্ন প্ৰান্তত নৱবৰ্ষ উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বছৰৰ পহিলা দিনটোত বনভোজস্থলীসমূহতো পুৱাৰে পৰা জনসাধাৰণৰ সমাগম পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ...