September 27, 2025 8:29 PM

views 18

ওড়িশাত কেইবাটাও প্রকল্প উদ্বোধন, আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ; অমৃত-ভাৰত এক্সপ্ৰেছৰ যাত্ৰাৰো শুভাৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ঝাৰছুগুড়াত ৬০ হাজাৰ কোটি টকাতকৈও অধিক পৰিমাণৰ পুঁজি ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন কৰাৰ লগতে এনে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্রকল্পসমূহৰ ভিতৰত দূৰসংযোগ, ৰে'লপথ, উচ্চ শিক্ষা, স্বাস্থ্য সেৱা, দক্ষতা বিকাশ, গ্ৰামাঞ্চলৰ বাসগৃহ নিৰ্মাণ আদিকে ধৰি ভালেমান খণ্ডক সামৰি লোৱা হৈছে। প্রধানমন্ত্রী মোদীয়ে লগতে ওড়িশাৰ বেৰহামপুৰ আৰু উধনাৰ মাজত চলাচল কৰিবলগীয়া অমৃত-ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ীখনৰো যাত্ৰাৰ শুভাৰম্ভ কৰে। একেদৰে ওড়িশাৰ পৰাই প্ৰধানমন্ত্রী মোদ...