September 3, 2025 12:20 PM

views 6

পাইলট লাইনৰ মেড ইন ইণ্ডিয়া ছিপছৰ প্ৰথমটো ছেট প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পাইলট লাইনৰ মেড ইন ইণ্ডিয়া ছিপছৰ প্ৰথমটো ছেট উপহাৰ দিয়াৰ লগে লগে অৰ্ধ পৰিবাহী খণ্ডত ভাৰতৰ যাত্ৰা ঐতিহাসিক মাইলৰ খুঁটিত উপনীত হয়। নতুন দিল্লীত কালি ছেমিকন ইণ্ডিয়া ২০২৫ৰ প্ৰথম দিনটোত ইলেকট্রনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰীগৰাকীক এই উপহাৰ প্ৰদান কৰে। অনুষ্ঠানত শ্রীবৈষ্ণৱে কয়, যে অৰ্ধ পৰিবাহী খণ্ডত ভাৰতৰ অভিযান বৌদ্ধিক সম্পত্তি অধিকাৰক সন্মান জনোৱা, যোগান শৃংখলৰ উন্নয়নক সমৰ্থন কৰা আৰু গোলকীয় অংশীদাৰসকলৰ সৈতে সহ উন্নয়নৰ আদৰ্শক প্ৰসাৰ ক...