September 20, 2025 12:52 PM

views 27

মণিপুৰত সশস্ত্ৰ দুৰ্বৃত্তৰ দলৰ আক্ৰমণত দুজন জোৱান নিহত

মণিপুৰৰ বিষ্ণুপুৰ জিলাত কালি সন্ধিয়া সশস্ত্ৰ দুৰ্বৃত্তৰ এটা দলে অৰ্ধসামৰিক বাহিনীৰ এখন বাহনত আক্ৰমণ কৰাৰ ফলত এজন নায়িব ছুবেদাৰকে ধৰি অসম ৰাইফলছৰ দুজন জোৱানৰ নিহত হোৱাৰ লগতে কমেও ৫ জন জোৱান আহত হয়। ইম্ফলৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে বিষ্ণুপুৰ জিলাৰ নাম্বল চাবাল লেইকাই অঞ্চলৰ ইম্ফল-ডিমাপুৰ ৰাষ্ট্ৰীয় ঘাইপথত এই আক্রমণ সংঘটিত হয়। 33 আছাম ৰাইফলছৰ বাহিনীটো পাটছৈ কোম্পানী অপাৰেটিং শিবিৰৰ পৰা নাম্বল কোম্পানী অপাৰেটিং শিবিৰ অভিমুখে গৈ থকাৰ সময়তে অচিনাক্ত দুর্বৃত্তই আক্রমণ চলায় বুলি প্ৰতিৰক্ষা মুখপ...