তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে টেলিভিছন ৰেটিং এজেন্সীৰ বাবে ২০১৪ চনত জাৰি কৰা নীতি নিৰ্দেশনাৰ সংশোধনৰ প্ৰস্তাৱ আগবঢ়াইছে। প্ৰস্তাৱিত খচৰাত সংবাদ প্রতিষ্ঠানসমূহৰ বাবে আৰোপিত কেতবোৰ নিষেধাজ্ঞা আঁতৰোৱাৰ পোষকতা কৰা হৈছে। বৰ্তমান ব্রডকাষ্ট অডিয়েন্স ৰিচাৰ্চ কাউন্সিল বা BARC হৈছে টিভি ৰেটিং প্ৰদান কৰা একমাত্র সংস্থা। কিন্তু প্ৰস্তাৱিত সংশোধনীৰ জৰিয়তে সংবাদ প্রতিষ্ঠানসমূহৰ মাজত সুস্থ প্রতিযোগিতা আৰু শুদ্ধ তথা নিৰ্ভৰযোগ্য তথ্যৰ বাবে একাধিক সংস্থাক ৰেচিং প্ৰদান কৰিবলৈ অনুমতি প্ৰদান কৰা হ’ব। টি আৰ পি ব্যৱস্থাই দেশৰ দৰ্শকসকলৰ বিবিধতা আৰু সংবাদ মাধ্যমৰ ব্যৱহাৰৰ অভ্যাস প্রতিফলিত কৰাই প্ৰস্তাৱিত সংশোধনৰ লক্ষ্য। মন্ত্ৰালয়ে খচৰা জাৰি কৰাৰ ৩০ দিনৰ ভিতৰত অংশীদাৰ আৰু সাধাৰণ জনতাৰ পৰা পৰামৰ্শ বিচাৰি আহ্বান জনাইছে। বর্তমান ভাৰতত প্ৰায় ২৩ কোটি পৰিয়ালে টেলিভিছন চায়। কিন্তু দৰ্শকৰ তথ্য সংগ্ৰহৰ বাবে মাত্র ৫৮ হাজাৰ পৰিয়ালৰহে তথ্য ব্যৱহাৰ কৰা হয়। অৰ্থাত বৰ্তমানৰ ব্যৱস্থাই টেলিভিচন চোৱা পৰিয়ালসমূহৰ মাত্র ০.০২৫ শতাংশকহে প্রতিনিধিত্ব কৰে। তদুপৰি বৰ্তমানৰ দৰ্শক জোখা প্রযুক্তিয়ে স্মার্ট টিভি, স্ত্রীমিং ডিভাইচ, আৰু মোবাইল এপ্লিকেচনৰ দৰে নতুন মাধ্যমত টেলিভিচন চোৱা দৰ্শকৰ তথ্য সংগ্ৰহ কৰিব নোৱাৰে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে ।
Site Admin | July 4, 2025 12:05 PM | t.v rating
টেলিভিছন ৰেটিং এজেন্সীৰ বাবে জাৰি কৰা নীতি নিৰ্দেশনাৰ সংশোধনৰ প্ৰস্তাৱ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ
