ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মহিলাৰ আই চি চি টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ভাৰতীয় দলৰ ৰিজাৰ্ভ খেলুৱৈ হিচাপে অসমৰ উমা ছেত্ৰীৰ স্থান লাভ

সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ ইউ এ ইত হ’বলগীয়া মহিলাৰ আই চি চি টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ঘোষণা কৰা ভাৰতীয় দলত ৰিজাৰ্ভ খেলুৱৈ হিচাপে অসমৰ উমা ছেত্ৰীয়ে স্থান লাভ কৰিছে। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে ঘোষণা কৰা ১৫ জনীয়া দলটোৰ অধিনায়ক হিচাপে হৰমনপ্রীত কৌৰ আৰু স্মৃতি মান্ধানাক উপ-অধিনায়ক হিচাপে দায়িত্ব দিয়া হৈছে। অহা ৩ অক্টোবৰৰ পৰা হ’বলগীয়া প্রতিযোগিতাখনত ১০টা দলে অংশগ্রহণ কৰিব। ভাৰতে অহা ৬ অক্টোবৰত ডুবাইত পাকিস্তানৰ বিৰুদ্ধে হ’বলগীয়া খেলখনেৰে অভিযান আৰম্ভ কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।