আকাশবাণীৰ জনপ্ৰিয় উপস্থাপক, আবৃত্তিকাৰ, অভিনেতা, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদুল্লাৰ আজি আগবেলা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ। যোৱা কিছুদিন ধৰি দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হোৱা চৈয়দ ছাদুল্লাক উন্নত চিকিৎসাৰ বাবে কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু আজি দিনৰ প্ৰায় চাৰে ১০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ ১৯৪৮ চনৰ ১ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ নালিয়াপুলত জন্মগ্রহণ কৰা চৈয়দ ছাদুল্লা শৈশৱৰে পৰা বিভিন্ন বাদ্যযন্ত্ৰত পাৰদৰ্শী হৈ উঠে আৰু পৰৱৰ্তী কালত গীতাৰ বাদক হিচাপে তেওঁ প্ৰসিদ্ধি লাভ কৰে। যোৱা শতিকাৰ সপ্তম দশকত ডিব্ৰুগড়ৰ কেইগৰাকীমান যুৱকে দ্য কুইভাৰ্ছ নামৰ উজনি অসমৰ প্ৰথমটো বেণ্ডৰ জন্ম দিয়ে। এই কুইভাৰ্ছৰ অন্যতম সদস্য আছিল চৈয়দ ছাদুল্লা। ১৯৭১ চনৰ পৰা ১৯৭৫ চনলৈ তেওঁ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰে অংশকালীন ঘোষকৰূপে সেৱা আগবঢ়ায়। ইয়াৰ পাছত তেওঁ কেন্দ্ৰটোত ষ্টাফ আৰ্টিষ্টৰূপে যোগদান কৰে। কিছু কাল আকাশবাণী মুম্বাই কেন্দ্ৰতো সেৱা আগবঢ়োৱাৰ পাছত তেওঁ আকাশবাণী ডিব্ৰুগড়লৈ প্ৰত্যাৱৰ্তন কৰে আৰু ২০০৮ চনত তেওঁ কেন্দ্ৰটোৰ পৰা অৱসৰ গ্ৰহণ কৰে। যোৱা শতিকাৰ সপ্তম আৰু অষ্টম দশকত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰচাৰিত অতি জনপ্ৰিয় ভিন্নৰঙী অনুষ্ঠান বৰ্ণালীৰো প্ৰধান উপস্থাপক আছিল চৈয়দ ছাদুল্লা। পৰৱৰ্তী সময়ত শিল্পীগৰাকীয়ে গীত ৰচনা, সংগীত ৰচনা আৰু সুৰকাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰে আৰু আকাশবাণীৰ বাবে প্ৰায় ১৮০টা গীত ৰচনা কৰে। নাট বিভাগৰ এ গ্রেড শিল্পী আৰু গ্ৰেড ওৱান সংগীত সংৰচক হিচাপে স্বীকৃত চৈয়দ ছাদুল্লাই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ হৈ ২০খনৰো অধিক অনাতাঁৰ আলেখ্য নিৰ্মাণ কৰে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰচাৰিত প্ৰথমখন আঞ্চলিক বাতৰিৰো পৰিবেশক আছিল চৈয়দ ছাদুল্লা। অৱসৰ গ্ৰহণৰ পাছত তেওঁ সন্মানীয় ডিস্কোভাৰী আৰু নেশ্যনেল জিঅ’গ্রাফীক চেনেলৰ সৈতে জড়িত হৈছিল আৰু ১০০ৰো অধিক তথ্যচিত্ৰত ইংৰাজীত কণ্ঠদান কৰিছিল। আজি দুপৰীয়া তেওঁৰ নশ্বৰদেহ আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ অনা হয় আৰু ইয়াত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিষয়া-কৰ্মচাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে শিল্পীগৰাকীৰ প্রতি অন্তিম শ্রদ্ধা নিবেদন কৰে। তেওঁৰ নশ্বৰ দেহ ডিব্ৰুগড়লৈ নিয়া হৈছে আৰু কাইলৈ ডিব্ৰুগড়ত তেওঁৰ জানাজা সম্পন্ন কৰা হ’ব।
Site Admin | October 30, 2025 8:14 PM | syed shadulla death
আকাশবাণীৰ জনপ্ৰিয় উপস্থাপক, আবৃত্তিকাৰ, অভিনেতা, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদুল্লাৰ দেহাৱসান