সমগ্ৰ ৰাজ্যতে বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সৰস্বতীৰ পূজা আজি উৎসাহ-উদ্দীপনা আৰু পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা হয়। ৰাজ্যখনৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ লগতে অন্যান্য শিক্ষা প্রতিষ্ঠানত আজি পুৱাৰে পৰা বাগদেৱীৰ পূজা অর্চনা কৰা হয়। ধর্মীয় ৰীতি-নীতিৰে মা সৰস্বতীক আকর্ষণীয়কৈ সজাই বেদীত প্ৰতিষ্ঠা কৰি জ্ঞানৰ অধিষ্ঠাত্রী দেবীৰ শ্ৰীচৰণত ছাত্ৰ-ছাত্রীসকলে আশিস লয়।
গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষা প্রতিষ্ঠান তথা বিভিন্ন আবাসিক অঞ্চলত সৰস্বতী পূজাৰ আয়োজন কৰা হয়। গুৱাহাটী মহানগৰীৰ অসম জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, কটন বিশ্ববিদ্যালয়, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আদিত আজি ছাত্ৰ-ছাত্ৰীৰ লগতে আন ভক্তিপ্ৰাণ ৰাইজৰো সমাগম পৰিলক্ষিত হয়। আকাশবাণী গুৱাহাটীৰ আৱাসিক চৌহদতো পৰম্পৰাগত ৰীতি-নীতিৰে সৰস্বতী পূজা উদযাপন কৰে। ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, তেজপুৰ, দৰং, নলবাৰী, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, তামুলপুৰ, দক্ষিণ শালমাৰা মানকাচৰ, ধুবুৰী, শিলচৰ, শ্রীভূমি আৰু আন জিলাকেইখনতো আজি বাগদেবীৰ পূজা যথাবিহিত কাৰ্যসূচীৰে পালন কৰে বুলি আমাৰ বিভিন্ন জিলাৰ সংবাদদাতাসকলে জনাইছে।