ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ ফলত হাজাৰ হাজাৰ গাহৰি নিধন কৰা হৈছে। ইয়াৰ ফলত ক্ষুদ্ৰ আৰু বৃহৎ গাহৰি পালকসকলৰ যথেষ্ট ক্ষতি হৈছে। উজনি অসমৰ বিভিন্ন জিলাত বিশেষকৈ শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ সর্বাধিক হোৱা বুলি আমাৰ সংবাদদাতাসকলে জনাইছে। লখিমপুৰ জিলাত পশুপালন বিভাগে এই পর্যন্ত এহেজাৰ ৭০৬টা গাহৰি নিধন কৰিছে। জিলাখনৰ ২৯ টা স্থানৰ ৩৪ খন গাহৰি ফাৰ্মৰ গাহৰি নিধন কৰা হৈছে। জিলাখনত যোৱা ৯ নৱেম্বৰৰ পৰা গাহৰি বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
আমাৰ বজালী জিলাৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ মুণ্ডৰীয়া, মাজিওপাৰা, পাঠশালা, গোবিন্দপুৰ, জালিখাটা আদি অঞ্চলৰ বহু সংখ্যক গাহৰি আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণত মৃত্যু হৈছে। বজালীৰ পশুপালন বিভাগে বটিয়া, ৰূপদিগা, ৰামৰূপ, গেৰুৱাপাৰা আদি অঞ্চলৰ দুই শতাধিক গাহৰিৰ দেহত এই ৰোগৰ সংক্ৰমণ ধৰা পেলোৱাৰ পাছত আটাইবোৰ গাহৰি নিধন কৰিছে বুলি জনাইছে।
আফ্রিকান ছোৱাইন ফিভাৰৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বহিঃৰাজ্যৰ পৰা অনা গাহৰি অসম-বংগ সীমান্তত পৰীক্ষাৰ পাছত সংক্ৰমণ ধৰা পৰিলে সেই ঠাইতে নিধন কৰাৰ সিদ্ধান্ত লৈছে। ৰাজ্য চৰকাৰে শীঘ্ৰেই গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত বিশেষ নির্দেশনা জাৰি কৰিব। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্রী কৃষ্ণেন্দু পলে এটা সংবাদমাধ্যমক জনোৱা মতে বিভিন্নি ঠাইত ছোৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধৰ বাবে ব্যৱস্থা লোৱা হৈছে যদিও এই ৰোগৰ কোনো প্রতিষেধক নথকাৰ বাবে ইয়াৰ সংক্ৰমণ ক্রমান্বয়ে বৃদ্ধি পাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাইয়ো এই পৰিস্থিতিৰ পৰ্যালোচনা কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। চৰকাৰে ক্ষতিগ্রস্ত সকলো গাহৰি পালককে ক্ষতিপূৰণ প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰে গাহৰি পালকসকলক ক্ষতিপূৰণ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১৪ কোটি টকাৰ অনুদান বিচাৰিছে। উল্লেখযোগ্য যে, ছোৱাইন ফিভাৰৰ ফলত ৰাজ্যত ৬ হাজাৰৰো অধিক গাহৰিৰ মৃত্যু হৈছে। প্রতিদিনে সংক্রমিত গাহৰি নিধন কৰা হৈছে আৰু বৰ্তমানলৈকে এই সংখ্যা ১৪ হাজাৰ ৬৯১লৈ বৃদ্ধি পাইছে।