November 17, 2025 1:08 PM | swain fever

printer

৭ খন জিলাত গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি ৰাজ্য চৰকাৰৰ

ৰাজ্যত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ দ্রুতগতিত বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ৭ খন জিলাত গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি এখন জিলাৰ পৰা আন এখন জিলালৈ গাহৰিৰ সৰবৰাহৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। শিৱসাগৰ, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, দৰং আৰু কামৰূপ জিলাত আফ্রিকান ছোৱাইন ফিভাবে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত পশুপালন আৰু পশু চিকিৎসা বিভাগে তাৎক্ষণিকভাৱে কার্যকৰী হোৱাকৈ এই নিষেধাজ্ঞা জাৰি কৰিছে।

ছোৱাইন ফিভাৰৰ সংক্ৰমণ কমকৈ হোৱা জিলাসমূহত গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত পশু চিকিৎসকে পৰীক্ষা কৰি দিয়া গাহৰি, পঞ্চায়ত, পৌৰ সভা আৰু নিগম-নিকায়ে ধার্য কৰি দিয়া নির্দিষ্ট স্থানতহে বিক্ৰী কৰিব পাৰিব। গুৱাহাটী মহানগৰত অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ কচাইখানাত কটা গাহৰিৰ মাংসহে বেচা-কিনা কৰিব পাৰিব। সংশ্লিষ্ট সকলো পক্ষই জৈৱ সুৰক্ষাৰ সকলো নীতি-নিয়ম মানি চলাৰ লগতে স্বাস্থ্য সন্মত পৰিৱেশ বজাই ৰখাটো বাধ্যতামূলক কৰা হৈছে। পশুপালন বিভাগৰ নিৰ্দেশনাত প্রকাশ পোৱা মতে ১০০ শতাংশ মৃত্যুৰ হাৰেৰে আফ্রিকান ছোৱাইন ফিভাৰ হৈছে গাহৰিৰ অতি সংক্রামক ভাইৰাছজনিত ৰোগ। যোৱা অক্টোবৰত ৰাজ্যৰ ৮৪ টা স্থানত এই ৰোগৰ ব্যাপক সংক্রমণ ধৰা পৰে। বৰ্তমানলৈ এই ৰোগবিধৰ প্ৰতিষেধক ছিটা ওলোৱা নাই আৰু ফলপ্ৰসূ চিকিৎসা নোহোৱাৰ বাবে ইয়াক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে আক্ৰান্ত স্থানসমূহ চিনাক্ত কৰি যাবতীয় ব্যবস্থা গ্রহণ কৰিছে।

ইতিমধ্যে আফ্রিকান ছোবাইন ফিভাৰত আক্রান্ত হোৱা হাজাৰ হাজাৰ গাহৰি নিধন কৰা হৈছে। ইয়াৰ ফলত ক্ষুদ্ৰ আৰু বৃহৎ গাহৰি পালকসকলৰ যথেষ্ট ক্ষতি হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।