ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গহপুৰত হ’বলগীয়া কনকলতা বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱিত স্থান পৰিদৰ্শন জনসংযোগ মন্ত্রী পীযূষ হাজৰিকাৰ

বিশ্বনাথ জিলাৰ গহপুৰৰ ঐতিহ্যমণ্ডিত ভোলাগুৰি চাহ বাগিচাত অহা ৮ নৱেম্বৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আধাৰশিলা স্থাপন কৰিবলগীয়া কনকলতা বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱিত স্থান আজি জনসংযোগ মন্ত্রী পীযূষ হাজৰিকাই পৰিদৰ্শন কৰে। ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ কৰ্মস্থলী ভোলাগুৰিত ৭৪০ বিঘা ভূমি সামৰি এই বিশ্ববিদ্যালয়খন নিৰ্মাণ কৰা হ’ব। বিশ্ববিদ্যালয়খনত পৰম্পৰাগত বিষয়সমূহৰ লগতে কৃত্রিম বুদ্ধিমত্তা, ৰবটিক চায়েন্স, থ্রী-ডি প্রিন্টিঙকে ধৰি আধুনিক বিষয়সমূহ অন্তর্ভুক্ত হ’ব। মন্ত্রী হাজৰিকাই আজি নির্মাণস্থলীত প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে চাহ জনগোষ্ঠীয় সংগঠনসমূহৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীৰ সৈতে সাংসদ ৰঞ্জিত দত্ত, বিধায়ক উৎপল বৰা, দিগন্ত ঘাটোৱালৰ উপৰি জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।