ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দেশত কাইলৈৰ পৰা স্বচ্ছতাই সেৱা অভিযান-২০২৪

স্বচ্ছতাই সেৱা অভিযান ২০২৪ কাইলৈ আৰম্ভ হৈ অহা ২ অক্টোবৰলৈ চলিব। এই অভিযানৰ চলিত বৰ্ষৰ বিষয়বস্তু হৈছে- স্বভাৱ স্বচ্ছতা-সংস্কাৰ স্বচ্ছতা। এই অভিযানৰ অধীনত পৰ্যটনস্থলী, ৰাজহুৱা ভৱন, বাণিজ্যিক অঞ্চল, জলাশয়, চিৰিয়াখানা তথা ৰাজহুৱা প্ৰস্ৰাৱাগাৰৰ দৰে বিভিন্ন স্থানত সমূহীয়া শ্ৰমদানেৰে স্বচ্ছতা অভিযান চলোৱা হ’ব। ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰালয়ে দেশজুৰি জনসাধাৰণৰ বাবে স্বচ্ছতাৰ বাবে বিভিন্ন কাৰ্যসূচী আয়োজনৰ পৰিকল্পনা কৰিছে। সমাজৰ ভিন্ন দৃষ্টিভংগীৰ আধাৰত তিনিটা মুখ্য দিশক সামৰি চলিত বৰ্ষৰ অভিযান আয়োজন কৰা হৈছে। এই দিশসমূহ হৈছে- স্বচ্ছতা বিশেষ গোটসমূহৰ বাবে শ্রমদান কার্যসূচী, স্বচ্ছতাত জনসাধাৰণৰ অংশগ্ৰহণ আৰু ছাফাই মিত্ৰ সুৰক্ষা শিবিৰ। এই অভিযানত দেশজুৰি নাগৰিক সকলকে ধৰি বিভিন্ন উদ্যোগ প্রতিষ্ঠান, বেচৰকাৰী সংস্থা, উন্নয়নমূলক সংস্থা, স্থানীয় নগৰীয়া গোটসমূহ, পঞ্চায়ত তথা বিভিন্ন অংশীদাৰীয়ে অংশগ্ৰহণ কৰিব। সমগ্ৰ চৰকাৰ দৃষ্টিভংগীৰ অধীনত সকলো ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চল, মুখ্যমন্ত্রী, কেন্দ্রীয় মন্ত্ৰ্যালয় তথা স্থানীয় গোটসমূহে দেশজুৰি এই অভিযান সফল কৰিবলৈ স্বচ্ছতা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।