নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি উৎপাদন আৰম্ভ কৰিবলৈ সেউজ সংকেত দিয়া তিনিজনীয় বিশেষজ্ঞ সমিতিয়ে প্ৰকল্পটোৰ নামনিত পানীৰ নাটনি নহ’বলৈ দৈনিক ২৪০ কিউমেক হাৰত পানী এৰি দিবলৈ পৰামৰ্শ দিছে। খৰালিত বান্ধৰ জলাধাৰ পানী সম্পূৰ্ণৰূপে নাথাকিলেও এন এইচ পি চিয়ে নৈখনৰ নামনি অংশত পানী থকাটো সুনিশ্চিত কৰিবলৈ প্ৰকল্পৰ এটা গোট নিৰৱচ্চিন্নভাৱে চলাই ৰাখিব বুলি বিশেষজ্ঞ সমিতিয়ে মতামত দিছে। ইয়াৰ দ্বাৰা প্ৰকল্পৰ নামনি অঞ্চলত থকা শিহুকে ধৰি সামগ্রিক জলজ জৈৱ বৈচিত্ৰৰ সুৰক্ষা তথা সংৰক্ষণ সুনিশ্চিত কৰা হ’ব। উল্লেখযোগ্য যে ৰাষ্ট্রীয় সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ২০১৭ চনত গঠন কৰা বিশেষজ্ঞ সমিতিয়ে দিয়া প্রতিবেদন অনুযায়ী প্রায় এক দশক ধৰি বন্ধ হৈ থকা নামনি সোৱণশিৰি প্ৰকল্পৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ হৈছিল। দুহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন ক্ষমতাসম্পন্ন প্ৰকল্পটোৰ ৮টা গোটৰ তিনিটা চলিত মাহৰ পৰাই কাৰ্যক্ষম কৰাৰ বাবে এন এইচ পি চি সাজু হৈছে যদিও বিশেষজ্ঞ সমিতিয়ে দিয়া পৰামৰ্শ কার্যকাৰিতা এতিয়াও স্পষ্ট হোৱা নাই ৷
Site Admin | May 20, 2025 12:35 PM | suwanshiri
সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি উৎপাদন আৰম্ভ কৰিবলৈ সেউজ সংকেত বিশেষজ্ঞ সমিতিৰ
